ETV Bharat / international

তালিবান-আমেৰিকা শান্তি চুক্তি : আফগানিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংগলা - ভাৰত-আফগানৰ মাজত স্বাক্ষৰ শান্তি চুক্তি

ভাৰতীয় বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংগলাই আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী হৰোন চখানসুৰীক সাক্ষাৎ কৰে ৷ এই সাক্ষাতত স্থায়ী শান্তি, সুৰক্ষা আৰু বিকাশৰ বাবে ভাৰতে আফগানক সমৰ্থন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে টুইটযোগে জানিবলৈ দিয়ে এই কথা ৷ ইয়াৰ উপৰিও আফিগানস্থানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘাণিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা অভিনন্দন পত্ৰ প্ৰদান কৰে শ্ৰীংগলাই ৷

ভাৰত-আফগান
ভাৰত-আফগানৰ মাজত স্বাক্ষৰ শান্তি চুক্তি
author img

By

Published : Feb 29, 2020, 10:30 AM IST

Updated : Feb 29, 2020, 1:52 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 29 ফেব্ৰুৱাৰী : আফগান-তালিবান-আমেৰিকা শান্তি চুক্তিৰ পূৰ্বেই আফগানিস্থানত উপস্থিত ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংগলা ৷ আফগানিস্থানত উপস্থিত হৈ দেশখনৰ বৈদেশিক মন্ত্ৰী হাৰুন চাখানসুৰীক সাক্ষাৎ কৰে ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে ৷ বৈদেশিক মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি আফগানিস্থানৰ শান্তি, সুৰক্ষা আৰু বিকাশৰ প্ৰক্ৰিয়াত ভাৰতৰ সমৰ্থনৰ বিষয়ে প্ৰকাশ কৰে হৰ্ষবৰ্ধনে ৷ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ৷

শনিবাৰে ডোহাত স্বাক্ষৰিত হ'বলগীয়া আমেৰিকা-তালিবান শান্তি চুক্তিৰ পূৰ্বেই এইদৰে ভাৰতে আফগানিস্থানৰ প্ৰতি নিজৰ সমৰ্থন আগবঢ়ায় ৷ চুক্তিৰ বিষয়ে ঘোষণা কৰিবলৈ কাবুললৈ আহিব পাৰে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰ আৰু নাটোৰ সচিবপ্ৰধান জেনচ ষ্টোল্টেনবাৰ্গ ৷ প্ৰায় 18 মাহ সময়ৰ অন্তত এইদৰে দুয়োখন দেশৰ মাজত শান্তি চুক্তি সম্পন্ন হ'বলৈ আগবাঢ়িছে ৷

আনহাতে, শান্তি চুক্তিক লৈ ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে, আফগানিস্থানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘাণিকো সাক্ষাৎ কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰেৰণ কৰা অভিনন্দন পত্ৰখন প্ৰদান কৰে ৷

Last Updated : Feb 29, 2020, 1:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.