ETV Bharat / international

ইমৰান খানৰ দলে লাভ কৰিছিল ২.২ বিলিয়ন অবৈধ পুঁজি - পাকিস্তানৰ নিৰ্বাচন আয়োগ

পিটিআই (PTI)ৰ চাৰিজনীয়া কৰ্মচাৰীৰ নামত খোলা একাউণ্টৰ সম্পূৰ্ণ বিৱৰণৰ লগতে দেশৰ ভিতৰত আৰু বাহিৰত দলৰ একাউণ্টৰ লেনদেনৰ তথ্য কেতিয়াও শ্বেয়াৰ কৰা হোৱা নাই । আকবৰ এছ বাবৰৰ মতে যদি পুংখানুপুংখভাৱে তদন্ত কৰা হয় তেন্তে দলটোৱে লাভ কৰা অবৈধ পুঁজিৰ পৰিমাণ পোহৰলৈ আহিব ।

illegal funding
ইমৰান খানৰ দলে লাভ কৰিছিল অবৈধ পুঁজি
author img

By

Published : Jul 14, 2021, 6:33 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জুলাই : পিটিআইৰ (PTI) বিদেশী পুঁজি গোচৰৰ নতুন মোৰ । পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান (Imran Khan) নেতৃত্বৰ পাকিস্তান-তেহৰিক-ই-ইনচাফ (Pakistan Tehreek-e-Insaf) দললৈ গুৰুতৰ অভিযোগ পিটিআইৰ প্ৰতিষ্ঠাপক নেতা আকবৰ এছ বাবৰৰ । আকবৰ এছ বাবৰৰ মতে শাসনাধিষ্ঠিত পাকিস্তান-তেহৰিক-ই-ইনচাফ দলে ২০০৯-২০১৩ বৰ্ষৰ ভিতৰত ২.২০ বিলিয়ন টকাৰ অবৈধ পুঁজি লাভ কৰিছে ।

মঙলবাৰে বিদেশী পুঁজিৰ গোচৰৰ আবেদনকাৰী বাবৰে এই তথ্য প্ৰকাশ কৰে । তেওঁৰ অভিযোগ অনুসৰি এয়া অতি নগণ্য কিয়নো চাৰিজনীয়া কৰ্মচাৰীৰ নামত খোলা একাউণ্টৰ সম্পূৰ্ণ বিৱৰণ আৰু দেশৰ ভিতৰত আৰু বাহিৰত দলৰ একাউণ্টৰ লেনদেনৰ তথ্য কেতিয়াও শ্বেয়াৰ কৰা হোৱা নাছিল । তেওঁ দাবী কৰা মতে যদি পুংখানুপুংখভাৱে তদন্ত কৰা হয় তেন্তে দলটোৱে লাভ কৰা অবৈধ পুঁজিৰ পৰিমাণ আৰু বহুত বেছি হ'ব ।

ইতিমধ্যে এই সন্দৰ্ভত বাবৰে তেওঁৰ আইনী দলৰ সৈতে এক প্ৰতিবেদন পাকিস্তানৰ নিৰ্বাচন আয়োগক (ECP) হস্তান্তৰ কৰে । প্ৰতিবেদনখন ১৪ এপ্ৰিলত জাৰী কৰা আদেশ অনুসৰি নিৰ্বাচন আয়োগক দাখিল কৰা পাকিস্তান-তেহৰিক-ই-ইনচাফ দলৰ ৰেকৰ্ডৰ পৰ্যৱেক্ষণৰ ওপৰত আছিল ।

উল্লেখ্য যে শাসকীয় দলৰ ৰেকৰ্ডৰ পৰ্যৱেক্ষণ বিত্তীয় বিশেষজ্ঞ আৰ্চালন ভাৰ্দাগ আৰু মুহাম্মাদ ছোহাইবে পৰিচালনা কৰিছে । প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে পাকিস্তান নিৰ্বাচন আয়োগৰ পৰীক্ষণ সমিতিয়ে ২০১৮ চনৰ ২৫ এপ্ৰিলত এক আদেশযোগে পাকিস্তান আৰু বিদেশত পিটিআইৰ একাউণ্টৰ বেংক বিবৃতি বিচাৰিছিল, কিন্তু সেইবোৰ শ্বেয়াৰ কৰা হোৱা নাছিল । আনকি পিটিআইৰ পঞ্জীভুক্ত আৰু স্বীকৃত আন্তৰ্জাতিক কোম্পানী বা প্ৰতিষ্ঠানসমূহৰ এটাও বেংক বিবৃতি দলটোৱে প্ৰদান কৰা নাই । প্ৰতিবেদনত উল্লেখ থকা মতে ২০১১ চনৰ জুলাইত পিটিআইৰ বিত্ত পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চাৰিজন পিটিআই কৰ্মচাৰীৰ ব্যক্তিগত বেংক একাউণ্টত লাভ কৰা পুঁজিৰ উৎস আৰু বিৱৰণো শ্বেয়াৰ কৰা হোৱা নাছিল ।

ইফালে সূত্ৰৰ মতে পিটিআইৰ অধ্যক্ষ ইমৰান খান আৰু মুখ্য সচিব ড০ আৰিফ আলভিয়ে অনুমোদন দস্তাবেজৰ জৰিয়তে পিটিআই কৰ্মচাৰীৰ একাউণ্টত পুঁজি লাভ কৰা বিষয়ত অনুমোদন জনাইছে । ইমৰান খান নেতৃত্বাধীন চৰকাৰে প্ৰতিবেদনখন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এয়া আকবৰ এছ বাবৰৰ কাল্পনিক আৰু মিছা অভিযোগ । প্ৰতিবেদন সন্দৰ্ভত মন্তব্য কৰি পিটিআইৰ কেন্দ্ৰীয় তথ্য সচিব আহমেদ জাৱাদে কয় যে দলটোৱে নিৰ্বাচন আয়োগক ইয়াৰ পৰীক্ষণ সমিতিয়ে বিচৰা সকলো নথি পত্ৰ দাখিল কৰিছে । তেওঁ লগতে কয় যে পিটিআইয়ে ইয়াৰ ৪০,০০০ দাঁতাৰ তথ্যও নিৰ্বাচন আয়োগক প্ৰদান কৰিছে ।

লগতে পঢ়ক :Master Chef Australia ত বিশেষভাৱে সমাদৃত অসমৰ পঁইতা ভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.