ইণ্টাৰনেশ্যনেল ডেস্ক, 10 ছেপ্তেম্বৰ: সমগ্ৰ বিশ্বতে 2,80,14,827 তকৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বজুৰি বৃদ্ধি পালে 9,07,304 গৰাকী লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত 2,00,91,717 গৰাকীতকৈয়ো অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷
65,49,475 গৰাকীতকৈয়ো অধিক আক্ৰান্ত লোকেৰে বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ উল্লেখ্য যে, এই পৰ্যন্ত দেশখনত 1,95,239 গৰাকীতকৈয়ো অধিক কৰ'ণা আক্ৰান্ত লোকে মৃত্যুক সাৱটি লৈছে ৷
আনহাতে কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যুৰ ক্ষেত্ৰত ব্ৰাজিল পৃথিৱীৰ ভিতৰতে আছে দ্বিতীয় স্থানত ৷ ব্ৰাজিলত 1,28,653 গৰাকীতকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ পাচতে আহে ভাৰতৰ নাম ৷ ভাৰতে শেহতীয়াকৈ কৰ'ণা সংক্ৰণৰ ক্ষেত্ৰত ব্ৰাজিলকো অতিক্ৰম কৰে ৷
লগতে পঢ়ক: ভাৰতত বুধবাৰে 95,735 গৰাকী লোক আক্ৰান্ত হয় কৰ’ণা ভাইৰাছত