ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য

author img

By

Published : Jul 30, 2020, 1:43 PM IST

সমগ্ৰ বিশ্বতে 1,71,70,446 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ বিশ্বৰ ভিন্ন দেশত এই মহামাৰী সংক্ৰমণৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 30 জুলাই: কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে 1,71,70,446 তকৈয়ো অধিক লোকক আক্ৰান্ত কৰিছে ৷ ইয়াৰ বিপৰীতে 6,69,231 তকৈয়ো অধিক লোকে শেহতীয়াকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷ উল্লেখ্য যে, এই পৰ্যন্ত বিশ্বজুৰি 1,06,75,734 তকৈয়ো অধিক লোকে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

ব্ৰাজিলত কৰ'ণা মহামাৰীৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ দেশখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 90,000 তকৈয়ো অধিক লোকলৈ ৷ ইয়াৰ লগে-লগে দেশখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 2.5 মিলিয়নলৈ ৷ চিন্তনীয় বিষয় যে, দেশখনত এটা দিনতে একেলগে প্ৰায় 70,000 লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰিছে ৷

COVID-19: বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য

বৃহস্পতিবাৰে চীনত নতুনকৈ 105 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত লোকসকলৰ অধিকাংশই জিনজিয়াঙৰ বুলি জানিব পৰা গৈছে ৷ উত্তৰ-পশ্চিমীয় সেই অঞ্চলটোত 96 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাৰ লগতে, দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ লিয়াঅ'নিঙত 5 গৰাকী আৰু বেইজিঙত 1 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19 ৰ অৱস্থিতি ৷ বাকী থকা তিনি গৰাকী লোক চীনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰী বুলি জানিব পৰা গৈছে ৷

নিউজিলেণ্ডত বিগত তিনিমাহে কোনো ধৰণৰ সামূহিক সংক্ৰমণ হোৱা নাই বুলি ঘোষণা কৰে দেশখনৰ চৰকাৰে ৷ নিউজিলেণ্ড চৰকাৰে দেশৰ বাহিৰৰ পৰা অহা যাত্ৰী সকলৰ বাবে এখন হোটেলত দুসপ্তাহ আইচ'লেশ্যনত থকাৰ ব্যৱস্থা কৰিছে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ সকলে উল্লেখ কৰা অনুসৰি, বতৰ বা পৰিৱৰ্তিত বতৰে COVID-19 ৰ প্ৰসাৰক প্ৰভাৱিত নকৰে ৷

লগতে পঢ়ক: Exclusive: অযোধ্যাত ৰাম মন্দিৰক প্ৰত্যক্ষ কৰাটো মোৰ সপোন আছিল, কল্যান সিঙৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.