নিউজ ডেস্ক, 15 মে' : বিশ্বজুৰি অব্যাহত আছে মাৰাত্মক কৰ‘ণা ভাইৰাছৰ ত্ৰাস ৷ এতিয়ালৈকে সমগ্ৰ বিস্বত এই ভাইৰাছত আক্ৰান্ত হৈছে 45,25,420 গৰাকী লোক আৰু ভাইৰাছত আক্ৰান্ত হৈ বিশ্বত প্ৰাণ হেৰুৱাইছে 3,03,372 গৰাকী লোকে ৷ তদুপৰি বৰ্তমানলৈকে 17,03,808 গৰাকী লোকে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে ৷ বিশেষকৈ বয়সস্থ তথা স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকৰ ক্ষেত্ৰত এই ভাইৰাছে ৰোগীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটোৱাৰ লগতে মৃত্যুৰ কাৰণো হৈ পৰে ৷
এই ভাইৰাছৰ অৱস্থিতি সৰ্বপ্ৰথম ধৰা পৰা চীন দেশে বিগত এমাহৰ পৰা এই ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যুৰ তথ্য সদৰি কৰা নাই ৷ দেশখনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সঞ্চালকালয়ে শুকুৰবাৰে দেশখনত নতুনকৈ চাৰিজন লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা বুলি সদৰি কৰে ৷ ইয়াৰ পূৰ্বে 14 এপ্ৰিল তাৰিখে দেশখনৰ স্বাস্থ্য সঞ্চালকালয়ে ভাইৰাছত আক্ৰান্ত লোকৰ তথ্য ডাঙি ধৰিছিল ৷ দেশখনত এতিয়া মুঠ 91 গৰাকী লোক কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু 623 গৰাকী লোকক কৰ‘ণাৰ লক্ষণ থকাৰ বাবে আক্ৰান্ত হোৱাৰ সন্দেহত আইচলেচনত ৰখা হৈছে ইয়াৰে 11 জনৰ শৰীৰত পৰীক্ষাৰ অন্তত কৰ‘ণা পজিটিভ বুলি ধৰা পৰিছে ৷ চীনত এতিয়ালৈকে 82,933 গৰাকী লোকৰ শৰীৰত কৰ‘ণা পজিটিভ ধৰা পৰিছে আৰু 4,633 গৰাকী লোকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ৷
কৰ‘ণাৰ সংক্ৰমণ ৰোধৰ বাবে চীনে সামাজিক দুৰত্ব মানি চলা বাধ্যতামূলক আৰু বিদেশী নাগৰিকৰ চীনত প্ৰৱেশত নিষেধাজ্ঞা অব্যহত ৰাখিছে যদিও দেশখনৰ অৰ্থ ব্যৱস্থাক স্থিৰ কৰাৰ বাবে দেশখনৰ সৰু বৰ সকলো উদ্যোগ প্ৰতিষ্ঠান খুলি দিয়া হৈছে ৷
লগতে পঢ়ক : বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল