ETV Bharat / international

বিশ্বৰ ভিন্ন প্ৰান্তত COVID-19ৰ শেহতীয়া তথ্য

author img

By

Published : May 10, 2020, 12:13 PM IST

কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে 2,80,400তকৈয়ো অধিক লোকৰ মৃত্যু হয় । যাৰ ভিতৰত আমেৰিকাৰ 80,000তকৈয়ো অধিক আৰু ইটালী, ব্ৰিটেইন, স্পেইনৰ 30,000ৰো অধিক লোকে মৃত্যুক সাবটি লৈছে । ইয়োৰোপৰি বিশ্বজুৰি লাখ লাখ লোকে নিজৰ কৰ্ম সংস্থাপনো হেৰুৱাবলগীয়া হৈছে লক্ ডাউনৰ ফলত ।

Global COVID-19 tracker
Global COVID-19 tracker

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 মে': বৰ্তমানলৈ কৰ'ণা ভাইৰাছ মহামাৰীত সমগ্ৰ বিশ্বতে 41,01,641 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,80,435 গৰাকীলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে, এই পৰ্যন্ত সমগ্ৰ বিশ্বতে 14,41,734 গৰাকী লোক আৰোগ্য হৈছে ।

চীনে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, 10 দিনৰ ভিতৰত দেশখনত 14 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত 12 গৰাকী লোক দেশখনৰে হোৱাৰ বিপৰীতে, 2 গৰাকী লোক বিদেশৰ পৰা অহা ।

উল্লেখ্য যে, দেশখনত আক্ৰান্ত 11 গৰাকী লোক উত্তৰ-পূৱ জিলিনৰ আৰু এগৰাকী লোক হুবেই প্ৰদেশৰ, যাৰ ৰাজধানী এই বিশ্ব মহমাৰী সৃষ্টিৰ কেন্দ্ৰস্থল ৱুহান ।

বিশ্বৰ ভিন্ন প্ৰান্তত COVID-19ৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন প্ৰান্তত COVID-19ৰ শেহতীয়া তথ্য

চীনত প্ৰায় এমাহ ধৰি এই ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যুৰ তথ্য অহা নাই । লগতে সমগ্ৰ দেশখনতে চিকিৎসাধীন COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা 148 গৰাকীলৈ হ্ৰাস পাইছে । বৰ্তমান দেশখনত 798 গৰাকী লোকক আইচ'লেশ্যন আৰু নিৰীক্ষণত ৰখা হৈছে । চীনত এই পৰ্যন্ত 82,886 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে 4,633 গৰাকী লোকৰ মৃত্যু হৈছে ৷

আনহাতে দক্ষিণ কোৰিয়াত বিগত 24 ঘন্টাত 34 গৰাকী লোকৰ দেহত COVID -19ৰ অৱস্থিতি ধৰা পৰিছে । Korea Centers for Disease Control and Preventionৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, দেওবাৰলৈ দেশখনত কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 10,874 গৰাকীলৈ বৃদ্ধি হয় । উল্লেখ্য যে, দেশখনত ইতিমধ্যে 9,610 গৰাকী লোক আৰোগ্য হৈ উঠিছে ।

লগতে পঢ়কঃ বন্দে ভাৰত অভিযান : বাংলাদেশৰ পৰা প্ৰথম বেটছৰ ১৬৮ গৰাকী শিক্ষাৰ্থীক প্ৰত্যাৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.