ETV Bharat / international

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

author img

By

Published : May 7, 2020, 11:22 AM IST

কৰ'ণা মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে প্ৰায় 2,65,000 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে । ইয়াৰ ভিতৰত আমেৰিকাৰ প্ৰায় 74,800ৰো অধিক আৰু ইটালী, ব্ৰিটেইনৰ 29,000ৰো অধিক লোক সন্নিবিষ্ট আছে ।

Global COVID-19 tracker
Global COVID-19 tracker

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 মে': বৰ্তমানলৈ কৰ'ণা ভাইৰাছ মহামাৰীত সমগ্ৰ বিশ্বতে 38,22,951 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,65,084 গৰাকীলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে, বৰ্তমানলৈ সমগ্ৰ বিশ্বতে 13,02,995 গৰাকী লোক আৰোগ্য হৈছে ।

চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰশাসনে বৃহস্পতিবাৰে দেশখনত কেৱল 2 গৰাকী লোকৰ দেহতহে COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ তথ্য প্ৰদান কৰে । যি দুগৰাকী লোক আহিছিল বিদেশৰ পৰা । লগতে তেওঁলোকে প্ৰকাশ কৰে যে, বৰ্তমান দেশখনত 295 গৰাকী লোকে চিকিৎসালয়ত COVID-19ৰ সৈতে যুঁজি আছে । ইয়াৰোপৰি 884 গৰাকী লোকক আইচ'লেশ্যনত ৰখা হৈছে, তেওঁলোকৰ দেহত থকা বিভিন্ন সন্দেহজনক লক্ষণৰ নিৰীক্ষণৰ বাবে ।

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য
বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

চীনে বৃহস্পতিবাৰে ঘোষণা কৰে যে, বৃহত্তম দেশখনৰ সমস্ত অঞ্চলতে এই মহামাৰীৰ উচ্চ মাত্ৰাৰ সংক্ৰমণ নিম্নগামী হৈছে । কিয়নো দেশখনত আক্ৰান্তৰ সংখ্যা প্ৰায় নোহোৱা হ'বলৈ ধৰিছে । লগতে, বিগত তিনি সপ্তাহৰো অধিক দিনত দেশখনত এই মহামাৰীৰ ফলত কোনো লোকৰে মৃত্যু হোৱাৰ খবৰ অহা নাই ।

আনহাতে দক্ষিণ কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰসমূহে নতুনকৈ 4 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে, এগৰাকী লোকৰ মৃত্যুৰ তথ্য প্ৰদান কৰে । সম্প্ৰতি দেশখনত কৰ'ণা মাহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা 10,810 গৰাকী হোৱাৰ বিপৰীতে, মৃত্যু হোৱা লোকৰ সংখ্যা 254 গৰাকী বুলি জানিব পৰা গৈছে । উল্লেখ্য দেশখনত মাৰ্চ মাহৰ প্ৰথমতে প্ৰতিদিনে এই মহামাৰীত প্ৰায় 500 গৰাকী লোক আক্ৰান্ত হোৱাৰ ৰিপোৰ্ট পোৱা গৈছিল । কিন্তু 1 এপ্ৰিলত অন্তিম বাৰৰ বাবে এই সংখ্যা প্ৰায় 100 গৰাকীলৈ হ্ৰাস পায় ।

লগতে পঢ়কঃ পাঠদান আৰম্ভ য়ুহানৰ শিক্ষানুষ্ঠানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.