ETV Bharat / international

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

author img

By

Published : May 6, 2020, 11:31 AM IST

কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে 2,58,000তকৈয়ো অধিক লোকৰ মৃত্যু হয় । যাৰ ভিতৰত আমেৰিকাৰ 72,271তকৈয়ো অধিক আৰু ইটালী, ব্ৰিটেইন, স্পেইনৰ 25,000ৰো অধিক লোকে মৃত্যুক সাবটি লৈছে । ইয়োৰোপৰি বিশ্বজুৰি লাখ লাখ লোকে নিজৰ কৰ্ম সংস্থাপনো হেৰুৱাবলগীয়া হৈছে লক্ ডাউনৰ ফলত ।

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক, 6 মে': বৰ্তমানলৈ কৰ'ণা ভাইৰাছ মহামাৰীত সমগ্ৰ বিশ্বতে 37,27,802 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,58,338 গৰাকীলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে, বৰ্তামনলৈ সমগ্ৰ বিশ্বতে 12,42,347 গৰাকী লোক আৰোগ্য হৈছে ।

কিছুমান লোকৰ ক্ষেত্ৰত কৰ'ণা ভাইৰাছৰ আংশিক প্ৰভাৱ পৰে যদিও, বয়সস্থ লোক বা শাৰীৰিকভাৱে দুৰ্বল লোকৰ ক্ষেত্ৰত এই ভাইৰাছে গুৰুতৰভাৱে প্ৰভাৱ পেলাব পাৰে । শেহতীয়াকৈ দক্ষিণ কোৰিয়াত আকৌ নতুনকৈ দুগৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । দেশখনত এই মহামাৰীৰ প্ৰকোপ ধীৰ গতিৰে অব্যাহত আছে ।

বিশ্বত COVID-19ৰ শেহতীয়া তথ্য
বিশ্বত COVID-19ৰ শেহতীয়া তথ্য

Korea Centers for Disease Control and Preventionৰ তৰফৰ পৰা বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, 10,806 গৰাকী লোকৰ দেহত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ বিপৰীতে, 255 গৰাকী লোক মৃত্যুমুখত পৰিছে । Korea Centers for Disease Control and Preventionয়ে উল্লেখ কৰা অনুসৰি, শেহতীয়াকৈ পোৱা দুগৰাকী আক্ৰান্ত লোক বিমানবন্দৰত স্ক্ৰীনিঙৰ সময়ত ধৰা পৰে । দক্ষিণ কোৰিয়াৰ স্থানীয় এলেকা সমূহত এতিয়ালৈ কোনো নতুনকৈ আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ অহা নাই ।

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ য়ুহানত উৎপত্তি হোৱাৰ প্ৰমাণ প্ৰদান কৰা নাই আমেৰিকাই : WHO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.