নিউজ ডেস্ক, 29 মাৰ্চ: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ‘ণা ভাইৰাছে বৰ্তমানসময়লৈকে সমগ্ৰ বিশ্বত 6,60,000 জন লোকলৈ সংক্ৰমিত হোৱাৰ লগতে 30 হাজাৰতকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি লৈছে ৷ এই মাৰাত্মক ভাইৰাছে পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে বিয়পি পৰিছে, সম্প্ৰতি পৃথিৱীৰ কোনো এটা প্ৰান্তই সুৰক্ষিত নহয় ৷ যদিহে এই ভাইৰাছ নিজে নিজে ধ্বংস হৈ নাযায়, তেনেহলে বিশ্বৰ বিভিন্ন দেশত হোৱা লক ডাউনৰ ফলত বিশ্বৰ অৰ্থনৈতিৰ মেৰুদণ্ড ডালো ভাঙি পৰাৰ আশংকা কৰা হৈছে ৷
ডাক্তৰ অথবা অন্য চিকিৎসাকৰ্মীয়ে এই ভাইৰাছৰ প্ৰভাৱক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আছে আৰু সবাতোকৈ বেছি ৰিস্ক লৈ কাম কৰি গৈছে ৷ এই ভাইৰাছৰ শৃংখলা ইটালীৰ পৰা আৰম্ভ হয়, যৰ পৰা এই ভাইৰাছৰ সংক্ৰমণৰ শৃংখলাই দ্ৰুত গতিত বৃদ্ধি পাব ধৰে ৷ অন্যহাতে ইৰান এই ক্ষেত্ৰত অন্যতম সৰ্বাধিক প্ৰভাৱিত দেশ ৷ ইৰাণত ভুল চিকিৎসাৰ বাবেও শতাধিক লোকে প্ৰাণ হেৰুৱাইছে ৷
![The global pandemic has infected more than 6,60,000 lives and over 30,000 people died.](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6580517_tresg.jpg)
আনহাতে নিউয়ৰ্ক চহৰ যোৱা সপ্তাহৰ পৰা এই মাৰাত্মক ভাইৰাছৰ অন্যতম উপকেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে ৷ চিকিৎসালয় সমূহৰ জৰুৰীকালীন কোঠালি সমূহত কাঁহৰ কোলাহল বৃদ্ধিৰ ফলত তাত থকা চিকিৎসাকৰ্মী সকলে নিজে পৰৱৰ্তী চিকাৰ হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে ৷
নতুনকৈ কৰ‘ণা ভাইৰাছত আক্ৰান্ত সকলৰ অধিকাংশৰ ক্ষেত্ৰত সামান্য অথবা মধ্যম পৰ্যায়ৰ লক্ষণ দেখা যায় ৷ কিন্তু কিছু বয়স্ক লোকৰ ক্ষেত্ৰত এই অসুস্থতাই কিছু জটিল ৰূপ ধাৰণ কৰিলে মৃত্যুৰ কাৰণো হ‘ব পাৰে ৷