ETV Bharat / international

COVID-১৯ঃ য়ুহানত 'পেকেজড ফ্ৰ'জেন খাদ্য'তো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি

author img

By

Published : Dec 7, 2020, 7:56 PM IST

কৰ'ণা ভাইৰাছৰ উত্পত্তিস্থল চীনৰ য়ুহান চহৰত 'পেকেজড ফ্ৰ'জেন খাদ্য'ৰ নমুনা পৰীক্ষণত ভাইৰাছৰ অৱস্থিতি থকাৰ কথা পোহৰলৈ আহে । স্থানীয় কৰ্তৃপক্ষই জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে আমদানিকৃত 'পেকেজড ফ্ৰ'জেন খাদ্য' জব্দ কৰাৰ বাবে । মজুতকৰণ সুবিধা আৰু চৌপাশৰ পৰিৱেশ বীজাণুমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ।

COVID-১৯ঃ য়ুহানত 'পেকেজড ফ্ৰ'জেন খাদ্য'তো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি
COVID-১৯ঃ য়ুহানত 'পেকেজড ফ্ৰ'জেন খাদ্য'তো ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: চীনৰ স্বাস্থ্য বিষয়াই প্ৰকাশ কৰিছে যে, হুবেই প্ৰান্তৰ ৰাজধানী য়ুহানত 'পেকেজড ফ্ৰ'জেন খাদ্য'ৰ নমুনা পৰীক্ষণত ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । ২০১৯ চনৰ ডিচেম্বৰত এই স্থানতে কৰ'ণা ভাইৰাছৰ উত্পত্তি হৈছিল আৰু সমগ্ৰ বিশ্বতে এতিয়াও মহামাৰীৰ বিভীষিকা অব্যাহত আছে । সংবাদ গোষ্ঠী ছিন্হুৱাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, দেওবাৰে স্বাস্থ্য আয়োগে কয় যে, ব্ৰাজিলৰ পৰা আমাদানিকৃত গাহৰি মাংস আৰু উৰুগুৱেৰ পৰা আমদানি কৰা গো-মাংসত COVID-১৯ ভাইৰাছ থকাৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ।

১,৫২৭ টা ফ্ৰ'জেন গাহৰি মাংসৰ বাকচ আছিল আৰু ইয়াৰ ওজন আছিল ২৭.৪৯ টন । যোৱা ২৮ জুনত ব্ৰাজিলৰ সাংঘাইৰ পৰা আমাদানি কৰা হৈছিল । যোৱা ২৭ জুলাইত সাংঘাইৰ পৰা য়ুহানলৈ অনা হৈছিল আৰু ২৯ জুলাইত স্থানীয় ক'ল্ড ষ্ট'ৰেজত মজুত কৰা হৈছিল । আনহাতে ফ্ৰ'জেন ২৬.৯৩ ওজনৰ গো-মাংসৰ ১,২১০ বাকচ যোৱা ২ মাৰ্চতে তিয়ানজিন নগৰপালিকালৈ প্ৰেৰণ কৰা হয় । ক'ল্ড ষ্ট'ৰেজৰ পৰা ৫১১টা নমুনা , পেকেজড ফ্ৰ'জেন খাদ্যৰ ৪৬০টা নমুনা আৰু স্থানীয় কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা ৫২৪টা নমনাৰ ন্যুক্লিক এছিড পৰীক্ষণৰ ফলাফল নিগেটিভ আহে ।

ইয়াৰ পূৰ্বে, ২৮ নৱেম্বৰত য়ুহানৰ স্বাস্থ্য আয়োগে কৈছিল যে, তিনিটা 'পেকেজড ফ্ৰ'জেন খাদ্য'ৰ নমুনাৰ পৰীক্ষণত ভাইৰাছ থকাৰ কথা ধৰা পৰিছিল । ভেয়েটনামৰ পৰা আমদানি কৰা মাছতো ভাইৰাছ আছিল । যোৱা ৫ ছেপ্টেম্বৰত হেইলংজিয়াঙত পেকেজড ফ্ৰ'জেন খাদ্যত ভাইৰাছ থকাৰ কথা প্ৰমাণিত হোৱাৰ পিছতে প্ৰায় ৪৩ গৰাকী লোকক কোৱাৰেণ্টাইনত ৰখা হৈছিল । সেই দিনটোতে শানক্সি প্ৰান্তৰ লিনফেন চহৰৰ য়াওদু জিলাত স্থানীয় বজাৰৰ মাছতো ভাইৰাছৰ অৱস্থিতি থকাৰ কথা পোহৰলৈ আহে ।

সম্প্ৰতি 'পেকেজড ফ্ৰ'জেন খাদ্য'ৰ নমুনা পৰীক্ষণ বৃদ্ধি কৰা হৈছে চীনত । স্থল আৰু জল পৰিবহণৰ জৰিয়তে আমদানি কৰা ফ্ৰ'জেন খাদ্যই সংক্ৰমণ বৃদ্ধি কৰাৰ আশংকাত পৰিবহণ মন্ত্ৰালয়ে চলিত মাহৰ আৰম্ভণিতে এক নতুন নিৰ্দেশনা জাৰি কৰে । COVID-১৯ৰ বিৰুদ্ধে ষ্টেট কাউন্সিলৰ যুটীয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব'ৰ্ডে সংক্ৰমণৰ শৃংখলা ভংগ কৰিবলৈ আৰু বিফলতাসমূহ বিচাৰি উলিয়াবলৈ আৰু আমদানি কৰা ফ্ৰ'জেন খাদ্যৰ শৃংখলা ভংগ কৰি সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.