ইণ্টাৰনেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: বুধবাৰে ইহলীলা সম্বৰণ কৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মীৰ জাফাৰুল্লাহ খান জামালিয়ে । ৰাৱলপিণ্ডিৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ গৰাকীৰ মৃত্য়ু সময়ত বয়স হৈছিল 76 বছৰ ।
ভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, তেওঁক অতি সংকটজনক অৱস্থাত চিকিৎসালয়খনত ভেণ্টিলেটৰত ৰখা হৈছিল । পৰৱৰ্তী সময়ত তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ বাবে ৰাৱালপিণ্ডিৰ সৈনিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছিল ।
তেওঁ 2002 চনৰ পৰা 2004 চনৰ জুন মাহলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত আছিল । তেওঁৰ মৃত্য়ুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী ইমৰান খানে । লগতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী পাৰভেজ খাট্টাকেও টুইটযোগে গভীৰ সমবেদনা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: অহা ৪ ডিচেম্বৰত তামিলনাডু পাবহি 'বুৰেৱী': বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী