ETV Bharat / international

এই গাঁৱৰ সকলো কোটিপতি ! - এই গাঁৱৰ সকলো কোটিপতি !

চীনৰ জিয়াংজু প্ৰদেশৰ কাহিনী এয়া ৷ প্ৰদেশখনৰ হুয়াক্সি গাঁও বিশ্বৰ ধনী গাঁও হিচাপে পৰিচিত হৈছে ৷ যাৰ উপ নাম হৈছে চুপাৰ ভিলেজ ৷

Everyone of this village is millionaire in huaxi china
এই গাঁৱৰ সকলো কোটিপতি !
author img

By

Published : Nov 19, 2020, 12:13 PM IST

Updated : Nov 19, 2020, 12:20 PM IST

নিউজ ডেস্ক,19 নৱেম্বৰ: সাধাৰণতে গাঁও বুলিলে মনলৈ আহে খলা-বমা পথ, মাটি-বাৰী নাইবা বিস্তৃত কৃষি ভূমিৰ কথা ৷ সকলোতকৈ তাৎপৰ্যপূৰ্ণ বিষয় গাঁও বুলিলে দৰিদ্ৰতাই ছানি ধৰা অঞ্চলৰ এখন ছবি আমাৰ মনত পৰিস্ফুট হয় ৷ কিন্তু এই গাঁৱৰ জীৱন ধাৰণৰ প্ৰণালী, সুযোগ সুবিধা দেখিলে আপুনি আচৰিত হ’ব ৷ এয়া হৈছে কোটিপতি লোকৰ গাঁও ৷

এয়া হৈছে চীনৰ জিয়াংজু প্ৰদেশৰ কাহিনী এয়া ৷ প্ৰদেশখনৰ হুয়াক্সি গাঁও বিশ্বৰ ধনী গাঁও হিচাপে পৰিচিত হৈছে ৷ যাৰ উপ নাম হৈছে চুপাৰ ভিলেজ ৷ 1967 চনত এই গাঁও স্থাপন কৰা হৈছিল ৷ এই গাঁৱক সুকীয়া পৰিচয় গঢ়াৰ ক্ষেত্ৰত একপ্ৰকাৰ বিপ্লৱৰ সূচনা কৰে চীনৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰাক্তন নেতা উ ৰেনবাওয়াৰে ৷ চীনা মুদ্ৰাৰ হিচাপত প্ৰায় 10 লাখ ইউনান অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় 1 কোটি 20 লাখ টকা গাঁৱখনৰ প্ৰতিগৰাকী ব্যক্তিৰ বেংক একাউণ্টত জমা আছে ৷

হুয়াক্সিত বসবাস কৰে প্ৰায় দুহাজাৰ লোকে ৷ বিশেষ কাৰণবশতঃ এইসকল লোকে এই বিলাসী জীৱন নিৰ্বাহ কৰি আছে ৷ এইসকল সুবিধা লাভ কৰা লোকসকলৰ ব্যয় যথেষ্ঠ কম ৷ কিন্তু এইসকল ব্যক্তিক এই সুবিধা প্ৰদান কৰাৰ কাৰণ কি?

জিয়াংজু প্ৰদেশৰ হুয়াক্সিৰ এইসকল বাসিন্দাই সৰ্বাধিক পৰিশ্ৰম কৰে ৷ অতীতৰে পৰা গাঁৱখনত চলি আহিছে এই পৰম্পৰা ৷ এই গাঁৱৰ লোকসকলে সপ্তাহৰ সাতোটা দিনেই কাম কৰে ৷ তদুপৰি এই কামৰ বিনিময়ত কোনো ছুটী নলয় ৷ গাঁৱখনত নিষিদ্ধ মদ, জুৱাৰ দৰে অসামাজিক কাৰ্য-কলাপসমূহ ৷ গাঁৱখনত বাসিন্দাসকলে নিৰ্মাণ কৰিছে 72 মহলীয়া এটি অট্টালিকা ৷ তদুপৰি গাঁৱবাসীৰ অধিকাংশই হৈছে বাণিজ্য সংস্থাৰ শ্বেয়াৰ হ’ল্ডাৰ ৷ কিন্তু, গাঁওখন এৰি গ’লে বাজেয়াপ্ত কৰা হয় সকলো সম্পত্তি ৷

লগতে চাওকঃ ৰাজস্থানত অত্যধিক সুৰা সেৱনৰ ফলত মৃত্যু পাঁচগৰাকীৰ

Last Updated : Nov 19, 2020, 12:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.