ইণ্টাৰনেশ্যনেল ডেস্ক, ২১ জুন : পাকঘৰত সোমাই স্নেকছ ভক্ষণ এটা বন্যহস্তীৰ । শব্দ শুনি উঠি আহিল গৃহস্থ আৰু পাকঘৰৰ দৃশ্য দেখি আতংকিত হৈ পৰিল । এই দৃশ্য দেখিলে চাগে আপুনিও আতংকিত হোৱাটো স্বাভাৱিক । এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডৰ হুৱা হিনত ।
দেওবাৰে পুৱা ৰাটচাদাৱন পুৱেংপ্ৰাছোপ্পোৰণ নামৰ এগৰাকী মহিলাৰ ঘৰত এই ঘটনা সংঘটিত হয় । পুৱাৰ ভাগত পৰিয়ালটো গভীৰ নিদ্ৰাত মগ্ন আছিল । তেনে সময়তে পাকঘৰৰ দিশৰ পৰা অহা শব্দ শুনিছিল মহিলাগৰাকীয়ে । লগে লগে মহিলাগৰাকী বিচনাৰ পৰা উঠি পাকঘৰলৈ আহে ।
কিন্তু পাকঘৰত আহি তেওঁ দেখে যে, এটা বন্যহস্তীয়ে স্নেকছ ভক্ষণ কৰি আছে । ৰাটচাদাৱন আৰু স্বামীয়ে ভালদৰে প্ৰত্যক্ষ কৰি দেখে যে, হাতীটোৱে পাকঘৰৰ দেৱাল ভাঙি প্ৰৱেশ কৰিছে পাকঘৰত । ৪০ বছৰীয়া বুনামী নামৰ বনৰীয়া হাতীটোৱে এয়া প্ৰথমবাৰৰ বাবে জনাঞ্চলত প্ৰৱেশ কৰা নাই । ইয়াৰ পূৰ্বে গাঁৱখনলৈ সঘনাই অহা-যোৱা কৰে হাতীটোৱে আৰু সেই অঞ্চলৰ বাসিন্দা আৰু বন বিষয়াসকল এই বিষয়ে জ্ঞাত ।
স্থানীয় বন বিভাগ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকলে পিছদিনা ৰাটচাদাৱান আৰু পৰিয়ালক সাক্ষাৎ কৰি পাকঘৰৰ পৰা স্নেকছ জাতীয় খাদ্য বস্তু আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিয়ে । পাট্টাৰাপোল মেনিয়ন নামৰ এজন পশু চিকিৎসকে জনোৱা মতে, বৰষুণৰ বতৰত বনাঞ্চলত পৰ্যাপ্ত নিমখীয়া খাদ্য নাথাকিলে হাতীবোৰে কাষৰ গাঁৱবোৰত নিমখ বিচাৰিবলৈ বাধ্য হয় । থাই হাতী সংৰক্ষণ কেন্দ্ৰৰ তথ্য অনুসৰি, থাইলেণ্ডত আনুমানিক ৩,০০০ টা বনৰীয়া হাতী আছে ।
মানুহে ভূমি আৰু কৃষিৰ বাবে অৰণ্য দখল কৰাৰ ফলত হাতীয়ে খাদ্যৰ সন্ধানত সংকুচিত বাসস্থানৰ পৰা বাহিৰলৈ ওলাই যাবলৈ বাধ্য হৈছে । হাতী-মানুহৰ সংঘৰ্ষই কেতিয়াবা ভয়াৱহ ৰূপ ধাৰণ কৰে । এইক্ষেত্ৰত হাতী-মানুহৰ সংঘৰ্ষ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ প্ৰয়াস কৰা হৈছে । বন বিভাগে বাসগৃহটো মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকে বুনমী নামৰ হাতীটোক কৃত্ৰিমভাৱে নিমখ যোগান ধৰা হ'ব বুলি জানিবলৈ দিছে বন বিভাগে ।
লগতে পঢ়ক: টাইৱান দ্বীপত পুনৰ চীন দেশৰ যুদ্ধ বিমান