ETV Bharat / international

অনুচ্ছেদ 370 : ফ্ৰান্সত মোদীৰ সৈতে বাৰ্তালাপ কৰিব ডনাল্ড ট্ৰাম্পে

author img

By

Published : Aug 21, 2019, 12:55 PM IST

জম্মু-কাশ্মীৰ সন্দৰ্ভত ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ হোৱাইট হাউটত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ G7 সন্মিলনৰ পাচতেই মোদীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰ পোষকতা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

ফ্ৰান্সত মোদীৰ সৈতে বাৰ্তলাপ কৰিব ডনাল্ড ট্ৰাম্পে

নিউজ ডেস্ক, 21 আগষ্ট : জম্মু-কাশ্মীৰ সন্দৰ্ভত ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ভাৰত-পাকিস্তান দুয়োখনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ পাচতেই মধ্যস্থতাৰ মাজেৰে কিদৰে বিষয়টো সমাধান কৰিব পাৰি এই সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ হোৱাইট হাউচত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷

সংবাদমেলযোগে ট্ৰাম্পে মন্তব্য কৰে, " সম্প্ৰতি কাশ্মীৰ এক জটিল ভূ-খণ্ড ৷ অঞ্চলটোত হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে যদিও তেওঁলোকৰ মাজত কোনোধৰণৰ মিলাপ্ৰীতি পৰিলক্ষিত হোৱা নাই ৷ দুয়োখন দেশৰ মাজত বিগত বহু বছৰৰ পৰাই বিৰাজ কৰিছে এক উত্তেজনাময় পৰিস্থিতি "৷ লগতে তেখেতে কয় যে, দুয়োখন দেশৰে প্ৰধানমন্ত্ৰী মোৰ ভাল বন্ধু আৰু ইমাৰাণ খানৰ আমেৰিকা ভ্ৰমণৰ সময়তো এই সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে ৷

অনুচ্ছেদ 370 কৰ্তন সন্দৰ্ভত জম্মু-কাশ্মীৰৰ একাংশ নেতাই কৰা মন্তব্যই ভাৰতৰ বিৰুদ্ধে বিষবাষ্প বিয়পাইছে বুলি সোমবাৰে প্ৰধানমন্ত্ৰীৰ মোদীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত উল্লেখ কৰে ৷ এইক্ষেত্ৰত কিছু পাকিস্তানে সংগঠনে উচটনি আগবঢ়াইছে বুলিও উল্লেখ কৰে মোদীয়ে ৷ "

সমগ্ৰ বিশ্বত শান্তি সম্প্ৰতি বজাই ৰাখিবলৈ ভাৰত-পাকিস্তানৰ মাজত এক শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰযোজন ৷ সেয়ে G7 সন্মিলনৰ পাচতেই মোদীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰ পোষকতা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে৷

Intro:Body:

dd

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.