ETV Bharat / international

ম্যানমাৰৰ হিংসাত্মক ঘটনাক গৰিহণা ১২ খন দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ

author img

By

Published : Mar 28, 2021, 5:08 PM IST

দেওবাৰে যুটীয়া বিবৃতিযোগে ম্যানমাৰ সেনাৰ ভূমিকাক গৰিহণা দিয়ে প্ৰতিৰক্ষা মুৰব্বীসকলে । ম্যানমাৰ সেনাৰ আক্ৰোশমূলক স্থিতিৰ বাবে ১০জনৰো অধিক লোকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা দি আমেৰিকা যুক্তৰাষ্ট্ৰ,জাৰ্মানী, ইটালী, ডেনমাৰ্ক, গ্ৰীচ, নেডাৰলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া আৰু জাপানে এই বিবৃতি জাৰি কৰে ।

ম্যানমাৰৰ হিংসাত্মক ঘটনাক গৰিহণা ১২ খন দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ
ম্যানমাৰৰ হিংসাত্মক ঘটনাক গৰিহণা ১২ খন দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ মাৰ্চ: শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ম্যানমাৰ সামৰিক বাহিনীৰ হিংসাৰ পদক্ষেপক নিন্দা ১২ খন দেশৰ প্ৰতিৰক্ষা মুৰব্বীৰ । দেওবাৰে যুটীয়া বিবৃতিযোগে ম্যানমাৰ সেনাৰ ভূমিকাক গৰিহণা দিয়ে প্ৰতিৰক্ষা মুৰব্বীসকলে । ম্যানমাৰ সেনাৰ আক্ৰোশমূলক স্থিতিৰ বাবে ১০জনৰো অধিক লোকৰ মৃত্যু হোৱা ঘটনাক গৰিহণা দি আমেৰিকা যুক্তৰাষ্ট্ৰ,জাৰ্মানী, ইটালী, ডেনমাৰ্ক, গ্ৰীচ, নেডাৰলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া আৰু জাপানে এই বিবৃতি জাৰি কৰে ।

লগতে প্ৰতিৰক্ষা মুৰব্বীসকলে ম্যানমাৰৰ সশস্ত্ৰ বাহিনীক হিংসা বন্ধ কৰিবলৈ আৰু ম্যানমাৰৰ জনসাধাৰণৰ সৈতে সন্মান আৰু ভাতৃত্ববোধৰ আচৰণ কৰিবলৈ আহ্বান জনায় । বিবৃতি অনুসৰি এগৰাকী পেছাদাৰী সেনাই আন্ত:ৰাষ্ট্ৰীয় মানদণ্ড অনুসৰণ কৰে আৰু ৰাইজৰ ক্ষতি নকৰে তাৰ পৰিৱৰ্তে ৰাইজৰ প্ৰতি সকলো সময়তে দায়বদ্ধ থাকে ।

প্ৰাক্তন কাৰ্যকৰী নেতা অং চাং চু কিৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতালৈ ঘূৰাই দিয়াৰ দাবীত হোৱা প্ৰতিবাদক বাধা দিবলৈ সামৰিক বাহিনীয়ে সম্পূৰ্ণ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল । আনহাতে সেনাবাহিনীয়ে ১ ফেব্ৰুৱাৰীৰ পৰা গৃহবন্দী কৰি ৰাখিছে অং চাং চু কিক ।

আনহাতে ম্যানমাৰৰ সেনাৰ হাতত মৃত্যু হোৱা লোকৰ সংখ্যাকলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে দেশখনৰ এটা পৰ্টেলত প্ৰকাশ পোৱা মতে মৃত লোকৰ সংখ্য়া ১১৪ গৰাকীলৈ বৃদ্ধি পাইছে । আন এখন বাতৰি কাকতৰ মতে ৭ ৰ পৰা ১৩ বছৰ বয়সৰ শিশুৰ লগতে প্ৰায় ৫৯ গৰাকীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:ধনী দেশক কৰ'ণা প্ৰতিষেধক দান কৰিবলৈ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.