ETV Bharat / international

চীনত হোটেল খহি 17 জনৰ মৃত্যু

author img

By

Published : Jul 14, 2021, 2:03 PM IST

পূৱ চীনত এখন হোটেল খহি পৰাৰ ফলত প্ৰাণ হেৰুৱালে ১৭ জন লোকে । উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰে ২৩ জন লোকক । পূৱ চীনৰ কায়ুন হোটেলত এই অঘটন সংঘটিত হয় ।

Death toll in the collapse of Kaiyuan Hotel in eastern China was raised to 17 on Wednesday
চীনত হোটেল খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জুলাই: বুধবাৰে চীনৰ ছুঝ'কৌ চহৰৰ কায়ুন হোটেলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১৭ জনলৈ । বৰ্তমান উদ্ধাৰ অভিযান সমাপ্ত হৈছে বুলি জানিব পৰা গৈছে । সোমবাৰে বিয়লি ছাংহাই ছুঝ'কৌ চহৰৰ কায়ুন নামৰ তিনি মহলীয়া হোটেলখনৰ এটা অংশ খহি পৰে । ইয়াৰ পাচতে উদ্ধাৰকাৰী দলে আৱদ্ধ লোকসকলৰ সন্ধানত অভিযান চলায় ।

জানিব পৰা মতে, মঙলবাৰ পৰ্যন্ত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু ৯ জন লোক সন্ধানহীন হৈ আছিল । বুধবাৰে উদ্ধাৰ অভিযান সমাপ্ত হয় । বৰ্তমানলৈকে প্ৰাপ্ত তথ্য অনুসৰি এই ভয়াবহ ঘটনাত মুঠ ১৭ জন লোকৰ মৃত্যু হয় । ইফালে ঘটনাস্থলীত অভিযান চলাই উদ্ধাৰকাৰী দলে ২৩ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰ হোৱা আটাইকেইজনৰে অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই হোটলখনত কৰ্মৰত লোক । আৱদ্ধ লোকসকলৰ সন্ধানত প্ৰায় ৬০০ জনৰো অধিক লোকে উদ্ধাৰ অভিযান চলায় । উল্লেখ্যে যে, এই উদ্ধাৰ অভিযানত মুঠ 120 খন বাহন ব্যৱহাৰ হয় ৷

আনহাতে, হোটেলখনৰ এটা অংশ হঠাতে কিয় খহি পৰিল সেয়া, এতিয়াও জানিব পৰা হোৱা নাই । উল্লেখ্য যে, কায়ুন হোটেল ২০১৮ চনত আৰম্ভ কৰা হৈছিল । হোটেলখনত মুঠ ৫৪ টা কোঠা আছিল ।

লগতে পঢ়ক:PNB Scam : মেহুল চৌক্সিৰ অন্যতম সহযোগী ধনেশ ছেঠক জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.