নিউজ ডেস্ক, 22 জুলাই: বিশ্বত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ 22 জুলাইৰ দিনটোত বিশ্বত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে মুঠ 1,50,84,578 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ বুধবাৰে সমগ্ৰ বিশ্বতে 2,39,580 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ বিপৰীতে আজিৰ দিনটোতে সমগ্ৰ বিশ্বত COVID-19 ত আক্ৰান্ত হোৱা 5,656 গৰাকীতকৈয়ো অধিক লোকে সাৱটি ল'লে মৃত্যুক ৷ লগতে সমগ্ৰ বিশ্বতে COVID-19 ত আক্ৰান্ত হৈ মত্যুক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 6,18,485 তকৈয়ো অধিক লোকলৈ ৷
উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ ফলত আটাইতকৈ অধিক প্ৰভাৱিত হৈছে আমেৰিকা ৷ দেশখনত এই পৰ্যন্ত 40,28,569 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে এই ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয়তে আছে ব্ৰাজিল আৰু ভাৰত ৷ ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা 21,66,532 গৰাকীতকৈয়ো অধিক হোৱাৰ বিপৰীতে ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 11,94,085 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ লগতে ৰাছিয়া, দক্ষিণ আফ্ৰিকা, পেৰু, মেক্সিকো আদি দেশতো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণ ৷
লগতে পঢ়ক: গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ক'ভিড-19 ত আক্ৰান্ত