নিউ ডেস্ক, 18 জুলাই: কৰ'ণা ভাইৰাছ ! যিয়ে ব্যাপক দুৰ্দশাৰ সৃষ্টি কৰিছে সমগ্ৰ পৃথিৱীৰে আৰ্থ সামাজিক জীৱনত ৷ এই মহামাৰীৰ সংক্ৰমণে 18 জুলাইৰ দিনটোত সমগ্ৰ বিশ্বতে অতিক্ৰম কৰিলে 1,41,79,014 গৰাকীলৈ ৷ শনিবাৰৰ দিনটোতে বিশ্বজুৰি 2,48,857 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷
আনহাতে, শনিবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে COVID-19 ত আক্ৰান্ত হৈ মুঠ 6,643 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ ইয়াৰ লগে-লগে বিশ্বত COVID-19 ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ 5,98,508 গৰাকীলৈ ৷ উল্লেখ্য যে, COVID-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা পৃথিৱীৰ ভিতৰতে সৰ্বাধিক পোৱা গৈছে আমেৰিকাত ৷ দেশখনত আজিৰ দিনটোলৈ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ 37,69,276 গৰাকীলৈ ৷ ইয়াৰ সমান্তৰালকৈ আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয়তে আছে ব্ৰাজিল আৰু ভাৰত ৷ ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা 20,48,697 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, ভাৰতত বৃদ্ধি পালে মুঠ 10,40,457 গৰাকী লোকলৈ ৷
লগতে পঢ়ক: পশ্চিমবংগৰ বিধায়কৰ মৃত্যু সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী ৰঞ্জিত দাসৰ