নেশ্যনেল ডেস্ক, 25 মে': কৰ'ণা ভাইৰাছৰ ফলত বিশ্বৰ প্ৰায় 10 মিলিয়ন শিশু পুষ্টিহীনতাত ভুগিব ৷ The United Nations World Food Programme (WFP) জানিবলৈ দিয়া মতে, প্ৰাণনাশক পুষ্টিহীনতাৰ এই হাৰ 20 শতাংশলৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে ৷
কম পুষ্টিহীনতাত ভোগা শিশুৰ শৰীৰ সমূহত এই ভাইৰাছে বিৰূপ প্ৰভাৱ পেলাব ৷ আনহাতে, দিনহাজিৰা কৰা পৰিয়ালসমূহতো এই ভাইৰাছে তীব্ৰ ৰূপ ধাৰণ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ COVID ৰ ফলত ঘোষণা কৰা লকডাউন আৰু ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত দুখীয়া দেশসমূহৰ পৰিয়ালৰ বাবে অধিক জটিল অৱস্থাৰ সৃষ্টি কৰিছে ৷
WFP ৰ Director of Nutrition লৰেন লেণ্ডিছে কয়, "আমি এতিয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বহু লোকৰ প্ৰাণ হেৰুৱাম ৷ ইয়াৰোপৰি, ভৱিষ্যত প্ৰজন্মৰ বাবে স্বাস্থ্য আৰু কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি অসফল হ'ম ৷ এতিয়াই পুষ্টিকৰ খাদ্য লাভ কৰিলে COVID-19 ৰ পাচত মাহ, বছৰ আৰু দশকত শিশুৰ স্বাস্থ্য সম্পৰ্কীয় পৰিণাম সম্পৰ্কত কিছু অনুমান লগাব পৰা যাব ৷"
এই বছৰৰ গ্ল'বেল নিউট্ৰিচন ৰিপোৰ্টত জানিবলৈ দিয়া অনুসৰি, কৰ'ণা ভাইৰাছ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আৰ্থিক সংকটৰ ফলত পুষ্টিহীনতাত ভোগা শিশু বিশেষকৈ পাঁচ বছৰৰ তলৰ শিশুসকলে বাৰুকৈয়ে প্ৰভাৱান্বিত হোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, উপযুক্ত পৰিমাণৰ খাদ্যৰ অভাৱ আৰু ৰোগাক্ৰান্ত হোৱাৰ ফলত কোনো এজন লোক গুৰুতৰ পুষ্টিহীনতাত ভুগিব পাৰে ৷ ইয়াৰ ফলত ওজন হ্ৰাস পাব পাৰে ৷ সঠিক চিকিৎসা লাভ নকৰিলে মৃত্যু হোৱাৰো সম্ভাৱনা অধিক ৷ COVID-19 ৰ ফলত সামাজিক-অৰ্থনৈতিক প্ৰভাৱৰ ফলত পাঁচ বছৰৰ তলৰ শিশুৰ দেহত পুষ্টিহীনতাৰ হাৰ 20 শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ খাদ্যৰ সংকটৰ ফলতে শিশুসকলে এই পৰিণাম ভুগিব লাগিব ৷ চিকিৎসা সেৱা লাভ নকৰিলে এই হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷