ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ আগষ্ট : তালিবানে (Taliban) আফগানিস্তান দখল কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে । শংকিত হৈছে বহুলোক । ইতিমধ্যে সমগ্ৰ বিশ্বতে আফগানিস্তানৰ ভয়ংকৰ দৃশ্যবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা দেখা গৈছে ।
লগে লগে এতিয়া বহু লোকে তেওঁলোকৰ ফোনৰ পৰা আৰু সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা ফটোবোৰ ডিলিট কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে জনপ্ৰিয় অডিঅ' চাট এপ ক্লাব হাউচে (Clubhouse) সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে আফগানিস্তানৰ ব্যৱহাৰকাৰীসকলৰ একাউণ্টৰ পৰা কিছু ব্যক্তিগত তথ্য আঁতৰাইছে । হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ বায়'গ্ৰাফি আৰু ফটোবোৰ ৰিচেট কৰিছে । যাৰ বাবে তেওঁলোকৰ একাউণ্টবোৰ বিচাৰি উলিওৱাত বাধাৰ সন্মুখীন হৈছে ব্যৱহাৰকাৰীসকল ।
ক্লাব হাউচৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে এই প্ৰক্ৰিয়াৰ ফলত ব্যৱহাৰকাৰীসকলৰ ফল'ৱাৰ্চসকলক (followers) প্ৰভাৱান্বিত নকৰে । অৱশ্যে এগৰাকী ব্যৱহাৰকাৰীয়ে অৱশ্যে ইচ্ছা কৰিলে সকলো পৰিৱৰ্তন পুনৰুদ্ধাৰ কৰিব পাৰিব । ক্লাব হাউচে লগতে মানৱ অধিকাৰ বা সুৰক্ষাৰ উদ্দেশ্যে ব্যৱহাৰকাৰীসকলক ছদ্মনাম ৰখাৰ ক্ষেত্ৰত সোঁৱৰাই দি আহিছে ।
ইফালে ফেচবুকেও আফগানিস্তানৰ লোকসকলৰ বাবে তেওঁলোকৰ একাউণ্ট তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে ৱান ক্লিক টুল (one click tool) মুকলি কৰিছে । ফেচবুকৰ নিৰাপত্তা নীতিৰ মুৰব্বী নাথানিয়েল গ্লিচাৰে কয় যে যদি কোনো লোকৰ প্ৰ'ফাইল লক হৈ থাকে, তেতিয়া তেওঁৰ বন্ধুসকলৰ বাহিৰে আন লোকে প্ৰ'ফাইল চাব নোৱাৰে বা ফটো ডাউনলোড কৰিব নোৱাৰে ।
ইফালে তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে সামাজিক মাধ্যমৰ প্লেটফৰ্ম ফেচবুক, টুইটাৰ আৰু ইউটিউব আদিৰ বাবেও তীব্ৰ সংকট আহিছে । কিয়নো তেওঁলোকৰ দ্বাৰা তালিবানে পৰিচালনা কৰা একাউণ্টবোৰৰ বাবে তদন্তৰ আওতালৈ আহিব পাৰে ।
লগতে পঢ়ক : তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়