ETV Bharat / international

টাইৱান দ্বীপত পুনৰ চীন দেশৰ যুদ্ধ বিমান - air defence missile system

বিগত কেইবা মাহেও চীনৰ বায়ু সেনাৰ দ্বাৰা বাৰে বাৰে টাইৱান দ্বীপত অভিযান চলাৰ অভিযোগ উত্থাপন কৰিছে টাইৱানে ৷ শেহতীয়াকৈ, বৃহস্পতিবাৰে চীনৰ বায়ু সেনাৰ সাতখন যুদ্ধ বিমানে দ্বীপটোত অবৈধ অনুপ্ৰেৱশ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে টাইৱানৰ অস্ত্ৰ সংগ্ৰহৰ চুক্তি চাক্ষৰিত হোৱাৰ পৰাই এই আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ কৰিছে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷

chinese-warplanes-enter-taiwan-air-defence-zone-for-sixth-time-this-month
টাইৱান দ্বীপত পুনৰ চীন দেশৰ যুদ্ধ বিমান
author img

By

Published : Jun 18, 2021, 2:29 PM IST

ইন্টাৰনেশ্য নেল ডেস্ক, 18 জুন : বৃহস্পতিবাৰে চীনৰ দ্বাৰা হোৱা আন এটা অনুপ্ৰৱেশৰ ঘটনাৰ অভিযোগ উত্থাপন কৰিছে টাইৱানে ৷ অভিযোগ অনুসৰি, চীনৰ বায়ু সেনাৰ সাতখন যুদ্ধ বিমানে দ্বীপটোৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰলৈ (air defence identification zone ) উৰা মাৰিছিল। চাউথ চাইনা মৰ্ণিং পোষ্টে(south China morning post) জনোৱা অনুসৰি, পিপল লিবাৰেচন আৰ্মীয়ে(peoples liberation army) দ্বীপটোৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰলৈ অভিলেখ সংখ্যক ২৮ খন বিমান প্ৰেৰণ কৰাৰ মাত্ৰ দুদিন পিছত এই ঘটনা সংঘটিত হৈছে । শেহতীয়া আক্ৰমণটোত দুখন নতুন মডেলৰ জে-১৬ যুঁজাৰু বিমান, চাৰিখনকৈ পুৰণি মডেলৰ জে-৭ যুঁজাৰু আৰু এখন ৱাই-৮ বৈদ্যুতিক যুদ্ধ বিমান অন্তৰ্ভুক্ত আছিল ।

এক বিবৃতি যোগে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনায় যে, বিমানসমূহে দ্বীপটোৰ বায়ু সেনা(air force)ক বিমানৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ জেট সমূহ ৰক্ষণা-বেক্ষণ দি ৰখা, ৰেডিঅ' সতৰ্কবাণী জাৰি কৰা আৰু বায়ু প্ৰতিৰক্ষা মিছাইল প্ৰণালী (air defence missile system) মোতায়েন কৰিবলৈ বাধ্য কৰিব ৷ মন্ত্ৰালয়ে জনোৱা অনুসৰি, চলিত মাহত পিএলএ বিমানসমূহে টাইৱানৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰসমূহত ষষ্ঠবাৰৰ বাবে প্ৰৱেশ কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে দেশখনৰ আইনসভাত প্ৰকাশ কৰা এক নথি অনুসৰি টাইৱানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে চলি থকা আৰ্টিলাৰী ৰকেট চিষ্টেম আৰু হাৰ্পুন কোষ্টাল ডিফেন্স চিষ্টেমৰ বাবে দুটা অস্ত্ৰ সংগ্ৰহৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে ৷ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি এই চুক্তি কেইটাই দ্বীপটোৰ অসমযুদ্ধ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰে ।

উল্লেখ্য যে, যি হৈছে চীনৰ মূল ভূ-খণ্ডৰ দক্ষিণ-পূব উপকূলত অৱস্থিত প্ৰায় 24 নিযুত লোকৰ গণতন্ত্ৰ টাইৱানৰ ওপৰত বেইজিঙে সম্পূৰ্ণ অধিকাৰ দাবী কৰে ৷ যদিও, এই দুয়োপক্ষই সাত দশকতকৈও অধিক সময় ধৰি পৃথকে শাসন কৰি আহিছে ৷ শেহতীয়াকৈ সাতজনীয়া নেতাৰ গোটে এক যুটীয়া বিবৃতি জাৰি কৰি চীনক কেইবাটাও বিষয়ৰ বাবে সমালোচনা কৰাৰ লগতে টাইৱানত শান্তি আৰু স্থিৰতাৰ গুৰুত্ব কঢ়িয়াই অনাৰ কথা উত্থাপন কৰে যদিও, চীনে এইয়া মাথো দেশখনৰ বিৰুদ্ধে অপবাদ হে বুলি প্ৰকাশ কৰে ।

মন কৰিব লগীয়া যে, টাইৱান দ্বীপত বিগত কেইবা মাহেও চীনৰ বায়ু সেনাৰ দ্বাৰা বাৰে বাৰে অভিযান চলাৰ অভিযোগ উত্থাপন কৰিছে দেশখনে ৷

লগতে পঢ়ক :ইন্ধনৰ মূল্যবৃদ্ধি: মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.