নিউজ ডেস্ক, 17 এপ্ৰিলঃ চীনৰ অৰ্থনীতিত হ্ৰাস পালে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ । 2020 চনৰ প্ৰথম ত্ৰিমাসিকত এই হাৰৰ পৰিমান 6.8 শতাংশ বুলি প্ৰকাশ কৰিছে দেশ খনৰ ৰাষ্ট্ৰীয় ব্যুৰোই । শুকুৰবাৰে এই সম্পৰ্কে প্ৰকাশ কৰে এক প্ৰতিবেদন ।
বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ এই দেশ খনতেই উৎপত্তি হৈছিল কৰ'ণা ভাইৰাছৰ । যাৰ ফলত এই দেশৰ অৰ্থনীতিকো জোঁকাৰি গৈছে এই মহামাৰীয়ে । বৰ্তমান সমগ্ৰ বিশ্বতে এই মহামাৰীত দুই মিলিয়ন লোক আক্ৰান্ত হৈছে ।
প্ৰতিবেদনখনত প্ৰকাশ কৰা অনুসৰি 2020 চনৰ প্ৰথম ত্ৰিমাসিকত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমান 20,650.4 বিলিয়ন য়েন (প্ৰায় তিনি ত্ৰিলিয়ন আমেৰিকান ডলাৰ) । শতকৰা হিচাপত ইয়াৰ পৰিমান 6.8 শতাংশ ।
1976 চনৰ পাচত চীনত এয়াই প্ৰথম অৰ্থনৈতিক দুৰ্যোগ। এক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি 1992 চনৰ পিচত চীনে দ্ৰুতহাৰত GDP বঢ়াবলৈ সক্ষম হৈছিল ।
লগতে পঢ়কঃ COVID-19: ফ্ৰান্সত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৬৬৮ জন বিমান বিষয়া