ইন্টাৰনেশ্বনেল ডেক্স,1 ফেব্ৰুৱাৰীঃ চীনত কৰোণা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 259 লৈ বৃদ্ধি হোৱাৰ লগতে ভাইৰাচত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 12,000 লৈ বৃদ্ধি ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিচনে তেঁওলোকৰ প্ৰতিদিনৰ আপডেটত কয় যে, পুনৰ 46 জনকৈ লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হৈছে ৷ লগতে হুবেই প্ৰদেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এই ভাইৰাচটো হুবেই প্ৰদেশৰ ৰাজধানী উহানত বনৰীয়া মাংস বিক্ৰী কৰা এখন মাংস বজাৰত চিনাক্ত কৰা হৈছিল ৷ হুবেইৰ কেইবা মিলিয়ন লোকৰ ওপৰত বিগত সপ্তাহত গ্ৰহণ কৰা পৃথকীকৰণ ব্যৱস্থাৰ লগতে অন্যান্য প্ৰতিৰক্ষামূলক পদক্ষেপৰ পাছতো সংক্ৰমিত লোকৰ সংখ্যা 2,102 লৈ বৃদ্ধি হৈ, বৰ্তমান সমগ্ৰ দেশব্যাপী 11,791 হৈছে ৷ এসপ্তাহ পূৰ্বে চীনত ৰাষ্ট্ৰব্যাপী সুৰক্ষা ঘন্টা বজোৱাৰ পাছত নতুনকৈ মৃতকৰ সংখ্যা আৰু আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈছে ৷ সম্প্ৰতি 12 খনতকৈও অধিক দেশৰ ঘটনাসমূহক সামৰি সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ৷