ETV Bharat / international

পুনৰ চীনত কৰ'না ভাইৰাছত মৃত্যু 71 গৰাকী লোকৰ

author img

By

Published : Feb 25, 2020, 10:37 AM IST

এতিয়াও চীনত অব্য়াহত আছে কৰ'না ভাইৰাছৰ সংহাৰী ৰূপ ৷ নতুনকৈ এই ভাইৰাছত মৃত্যু হৈছে 71 জন লোকৰ ৷ দেশখনত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা 2663 লৈ বৃদ্ধি ৷

পুনৰ চীনত কৰ'না ভাইৰাছত মৃত্যু 71 গৰাকী লোকৰ
পুনৰ চীনত কৰ'না ভাইৰাছত মৃত্যু 71 গৰাকী লোকৰ

নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰীঃ চীনত অব্যাহত কৰ'না ভাইৰাছৰ সংহাৰ ৷ যোৱা দুটা সপ্তাহত কৰ'না ভাইৰাছত মৃত্যু হৈছে 71 জন লোকৰ ৷ বৰ্তমানলৈকে দেশখনত 2,386 গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা ৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নতুনকৈ দেশখনত চিনাক্ত কৰিছে মুঠ 508 টা সংক্ৰমণৰ ঘটনা ৷ ইয়াৰে 9 টা ঘটনা হৈছে হুৱেই প্ৰদেশৰ ৷ সোমবাৰলৈকে এই প্ৰদেশত কৰ'না ভাইৰাছত আক্ৰান্তৰ সংখ্যা হয় 409 টা ৷ অৱশ্যে চীনৰ ভিন্ন প্ৰান্তত কিছু দিনলৈ কোনো ধৰণৰ সংক্ৰমণৰ ঘটনাৰ কথা পোহৰলৈ অহা নাই ৷

China reports 71 more virus deaths
চীনত কৰ'না ভাইৰাছৰ সংহাৰ

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই সোমবাৰে কয়, চীনত বৰ্তমানো ক’ৰোণা ভাইৰাছৰ মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰি আছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য Tedros Adhanom Ghebreyesus য়ে কয়, চীনত যোৱা 23 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীত আটাইতকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল কৰ'না ভাইৰাছে ৷ অৱশ্যে বৰ্তমান এই সংখ্যাত কিছু হ্ৰাস পাইছে বুলি উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াগৰাকীয়ে ৷

আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞ তথা সংযুক্ত বিশ্ব স্বাস্থ্য সংস্থাৰ চীন মিচনৰ নেতা ব্ৰুচ এয়েলৱাৰ্ডে সোমবাৰে সতৰ্কবাণী দি কয় যে, বিভিন্ন দেশত এই ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিৰ সংখ্যাৰ কথা ৷

চীনত নতুনকৈ সংক্ৰমিত ঘটনাৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে যদিও বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি ব্যৱস্থাৰ দেশ চীনত পুনৰ সামন্য পৰিস্থিতি ঘূৰাই অনাত সহজ নহ’ব ৷ সংস্কৃত বিপ্লৱৰ পাচতেই ৰাষ্ট্ৰখনে ইতিমধ্যে দ্বিতীয়বাৰৰ দেশখনৰ বাৰ্ষিক সংসদ অধিবেশন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

বৰ্তমানো হুৱেই প্ৰদেশত 10 লাখ লোক এতিয়াও আৱদ্ধ হৈ আছে ৷ এওঁলোকক বাহিৰ কৰিবলৈ সোমবাৰে কিছু শিথিলতা গ্ৰহণ কৰা হৈছিল যদিও দেশখনত পুনৰ 71 টা কৈ নতুন ঘটনাৰ কথা পোহৰলৈ অহাৰ পাচত এই শিথলতাত স্থবিৰতা অনা হৈছে ৷ চীনত যোৱা বৰ্ষতেই উৎপত্তি হৈছিল এই মাৰাত্মাক কৰ'না ভাইৰাছৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.