ETV Bharat / international

নেশ্বনেল ডে পেৰেডঃ চীনে প্ৰদৰ্শন কৰিলে ডংফেং 41 ক্ষেপণাস্ত্ৰ - নিজৰ সামৰিক শক্তি প্ৰদৰ্শন

বৃহৎ সামৰিক পেৰেডেৰে বিশ্ববাসীৰ আগত নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে ৷ কমিউনিষ্ট শাসনৰ 70 বৰ্ষ উপলক্ষে মঙলবাৰে চীনৰ নেশ্বনেল দে পেৰেডত পিপুলছ লিবাৰেশ্বন আৰ্মীয়ে ইয়াৰ শেহতীয়া আৰু আধুনিক প্ৰযুক্তিসম্পন্ন বহুকেইটা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে ৷ বিশেষকৈ ডংফেং 41 ক্ষেপণাস্ত্ৰ আছিল চীনৰ নেশ্বনেল ডে পেৰেডৰ অন্যতম আকৰ্ষণ ৷

চীনৰ নেশ্বনেল ডে পেৰেড
author img

By

Published : Oct 1, 2019, 7:25 PM IST

নিউজ ডেস্ক, 1 অক্টোৱৰঃ কমিউনিষ্ট পাৰ্টী শাসনৰ 70 সংখ্যক বাৰ্ষিকী উপলক্ষে চীনে মঙলবাৰে পালন কৰে নেশ্বনেল ডে ৷ এই বিশেষ দিনটোতে বৃহৎ সামৰিক পেৰেডেৰে বিশ্ববাসীক সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে ৷ চীনৰ নেশ্বনেল দে পেৰেডত পিপুলছ লিবাৰেশ্বন আৰ্মীয়ে প্ৰদৰ্শন কৰে শেহতীয়া আৰু আধুনিক প্ৰযুক্তিসম্পন্ন বহুকেইটা অস্ত্ৰ-শস্ত্ৰ ৷ বিশেষকৈ ডংফেং 41 ক্ষেপণাস্ত্ৰ আছিল চীনৰ নেশ্বনেল ডে পেৰেডৰ অন্যতম আকৰ্ষণ ৷

ৰকেট ফৰ্চৰ সৈতে ডংফেং 41 ক্ষেপনাস্ত্ৰ
ৰকেট ফৰ্চৰ সৈতে ডংফেং 41 ক্ষেপনাস্ত্ৰ

চীনৰ ৰাজধানী বেইজিংৰ টাইনানমেন স্কোৱেৰৰ চাংগান অভিনিউত অনুষ্ঠিত হোৱা নেশ্বনেল ডে পেৰেডৰ কাৰ্যসূচী মুকলি কৰে ৰাষ্ট্ৰপতি ঝী জিনপিঙে ৷ চতুৰ্থবাৰৰ বাবে চীনৰ নেশ্বনেল ডে পেৰেডত অংশগ্ৰহণ কৰা চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে "বিশ্বৰ কোনো শক্তিয়ে চীন আৰু চীনৰ জনতাক আগবাঢ়ি যোৱাৰ পথত বাধা দিব নোৱাৰে" বুলি নিজৰ ভাষণত উল্লেখ কৰে ৷ ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচতে আৰম্ভ হয় প্ৰায় 1,00,000 সৈনিকে অংশগ্ৰহণ কৰা চীনৰ সৰ্ববৃহৎ তথা পৰিচ্চন্ন সামৰিক পেৰেড ৷

চীনৰ নেশ্বনেল ডে পেৰেডত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা ডংফেং 41, ডংফেং 17 আৰু ডংফেং 100 ক্ষেপণাস্ত্ৰৰ লগতে 70 সংখ্যাৰ আকৃতিত আকাশত উৰা হেলিকপ্টাৰসমূহ আছিল আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷ পেৰেডত প্ৰথমবাৰৰ বাবে চীনে প্ৰদৰ্শন কৰে ডিআৰ 8 চুপাৰছ'নিক ড্ৰ'ণৰ লগতে পিএলএৰ স্থলসেনাৰ অধীনস্থ ৰকেট ফৰ্চ আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ অন্তৰ্গত শান্তিৰক্ষকসকল ৷ ক্ষেপণাস্ত্ৰ তথা ড্ৰ'ণৰ উপৰিও নেশ্বনেল ডে পেৰেডত প্ৰদৰ্শন কৰা হয় চীনৰ পানীৰ তলেৰে যাব পৰা সামৰিক বাহনৰ লগতে টেংক আৰু অন্যান্য সামৰিক বাহন তথা শক্তিশালী অস্ত্ৰ-শস্ত্ৰসমূহ ৷ চীনে ইয়াৰ নেশ্বনেল ডে পেৰেডত প্ৰদৰ্শন কৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে সামৰিক বাহনসমূহৰ বহুসংখ্যকেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীৰ আগলৈ অনা হয় ৷

চীনৰ ঝীংহুৱা নিউজ এজেন্সিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ হৈছে ডংফেং 41 ক্ষেপনাস্ত্ৰ ৷ প্ৰায় 15হাজাৰ কিলোমিটাৰ দুৰত্বত থকা লক্ষ্যস্থানত নিৰ্ভুল আঘাত হানিব পৰাকৈ সক্ষম ডংফেং 41 ক্ষেপনাস্ত্ৰই 30 মিনিটৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক লক্ষ্য কৰি ল'ব পাৰে ৷ ইয়াৰ উপৰিও চীনে প্ৰদৰ্শন কৰা ডিআৰ 8 চুপাৰছ'নিক ড্ৰ'ণ শব্দতকৈ পাঁচগুন অধিক গতিৰে উৰণ সম্পন্ন কৰিবলৈ সক্ষম ৷ উল্লেখ্য যে, 1949 চনত সাম্যবাদী নেতা মাও ঝে ডঙে স্থাপন কৰা চীন প্ৰজাতন্ত্ৰৰ 70 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিশ্বৰ অন্যতম শক্তিশালী সাম্যবাদী নেতাগৰাকীৰ এটি বৃহৎ প্ৰতিমূৰ্তিও প্ৰদৰ্শন কৰা হয় ৷

Intro:Body:

নেশ্বনেল ডে পেৰেডঃ চীনে প্ৰদৰ্শন কৰিলে ডংফেং 41 ক্ষেপনাস্ত্ৰ 

বৃহৎ সামৰিক পেৰেডেৰে বিশ্ববাসীৰ আগত নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে ৷ কমিউনিষ্ট শাসনৰ 70 বৰ্ষ উপলক্ষে মঙলবাৰে চীনৰ নেশ্বনেল দে পেৰেডত পিপুলছ লিবাৰেশ্বন আৰ্মীয়ে ইয়াৰ শেহতীয়া আৰু আধুনিক প্ৰযুক্তিসম্পন্ন বহুকেইটা অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে ৷ বিশেষকৈ ডংফেং 41 ক্ষেপনাস্ত্ৰ আছিল চীনৰ নেশ্বনেল ডে পেৰেডৰ অন্যতম আকৰ্ষণ ৷ 

নিউজ ডেস্ক, 1 অক্টোৱৰঃ কমিউনিষ্ট পাৰ্টী শাসনৰ 70 সংখ্যক বাৰ্ষিকী উপলক্ষে চীনে মঙলবাৰে পালন কৰে নেশ্বনেল ডে ৷ এই বিশেষ দিনটোতে বৃহৎ সামৰিক পেৰেডেৰে বিশ্ববাসীক সামৰিক শক্তি প্ৰদৰ্শন কৰে চীনে ৷ চীনৰ নেশ্বনেল দে পেৰেডত পিপুলছ লিবাৰেশ্বন আৰ্মীয়ে প্ৰদৰ্শন কৰে শেহতীয়া আৰু আধুনিক প্ৰযুক্তিসম্পন্ন বহুকেইটা অস্ত্ৰ-শস্ত্ৰ ৷ বিশেষকৈ ডংফেং 41 ক্ষেপনাস্ত্ৰ আছিল চীনৰ নেশ্বনেল ডে পেৰেডৰ অন্যতম আকৰ্ষণ ৷ 

চীনৰ ৰাজধানী বেইজিংৰ টাইনানমেন স্কোৱেৰৰ চাংগান অভিনিউত অনুষ্ঠিত হোৱা নেশ্বনেল ডে পেৰেডৰ কাৰ্যসূচী মুকলি কৰে ৰাষ্ট্ৰপতি ঝী জিনপিঙে ৷ চতুৰ্থবাৰৰ বাবে চীনৰ নেশ্বনেল ডে পেৰেডত অংশগ্ৰহণ কৰা চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে "বিশ্বৰ কোনো শক্তিয়ে চীন আৰু চীনৰ জনতাক আগবাঢ়ি যোৱাৰ পথত বাধা দিব নোৱাৰে" বুলি নিজৰ ভাষণত উল্লেখ কৰে ৷ ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচতে আৰম্ভ হয় প্ৰায় 100,000 সৈনিকে অংশগ্ৰহণ কৰা চীনৰ সৰ্ববৃহৎ তথা পৰিচ্চন্ন সামৰিক পেৰেড ৷ 

চীনৰ নেশ্বনেল ডে পেৰেডত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা ডংফেং 41 ক্ষেপনাস্ত্ৰৰ লগতে 70 সংখ্যাৰ আকৃতিত আকাশত উৰা হেলিকপ্টাৰসমূহ আছিল আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু ৷ পেৰেডত প্ৰথমবাৰৰ বাবে চীনে প্ৰদৰ্শন কৰে ডিআৰ 8 চুপাৰছ'নিক ড্ৰ'ণৰ লগতে পিএলএৰ স্থলসেনাৰ অধীনস্থ ৰকেট ফৰ্চ আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ অন্তৰ্গত শান্তিৰক্ষকসকল ৷  ক্ষেপনাস্ত্ৰ তথা ড্ৰ'ণৰ উপৰিও নেশ্বনেল ডে পেৰেডত প্ৰদৰ্শন কৰা হয় চীনৰ পানীৰ তলেৰে যাব পৰা সামৰিক বাহনৰ লগতে টেংক আৰু অন্যান্য সামৰিক বাহন তথা শক্তিশালী অস্ত্ৰ-শস্ত্ৰসমূহ ৷ চীনে ইয়াৰ নেশ্বনেল ডে পেৰেডত প্ৰদৰ্শন কৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে সামৰিক বাহনসমূহৰ বহুসংখ্যকেই প্ৰথমবাৰৰ বাবে বিশ্ববাসীৰ আগলৈ অনা হয় ৷ 

উল্লেখ্য যে, চীনৰ ঝীংহুৱা নিউজ এজেন্সিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ হৈছে ডংফেং 41 ক্ষেপনাস্ত্ৰ ৷ প্ৰায় 15হাজাৰ কিলোমিটাৰ দুৰত্বত থকা লক্ষ্যস্থানত নিৰ্ভুল আঘাত হানিব পৰাকৈ সক্ষম ডংফেং 41 ক্ষেপনাস্ত্ৰই 30 মিনিটৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক লক্ষ্য কৰি ল'ব পাৰে ৷ ইয়াৰ উপৰিও চীনে প্ৰদৰ্শন কৰা ডিআৰ 8 চুপাৰছ'নিক ড্ৰ'ণ শব্দতকৈ পাঁচগুন অধিক গতিৰে উৰণ সম্পন্ন কৰিবলৈ সক্ষম ৷ উল্লেখ্য যে, 1949 চনত সাম্যবাদী নেতা মাও ঝে ডঙে স্থাপন কৰা চীন প্ৰজাতন্ত্ৰৰ 70 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি বিশ্বৰ অন্যতম শক্তিশালী সাম্যবাদী নেতাগৰাকীৰ এটি বৃহৎ প্ৰতিমূৰ্তিও প্ৰদৰ্শন কৰা হয় ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.