ETV Bharat / international

100 দিনৰ অন্তত ইণ্ডোনেছিয়াত ৰোহিংগীয়া শৰণাৰ্থী কঢ়িওৱা নাও

বাংলাদেশৰ উপকূলীয় অঞ্চল ‘কোক্স বাজাৰ’ৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় 100 দিনৰ অন্তত ইণ্ডোনেছিয়াৰ ‘আচেহ’ত উপস্থিত হয় ৰোহিংগীয়া শৰণাৰ্থী কঢ়িয়াই নিয়া এখন নাও ৷ ভ্ৰমণৰ মাজতে নাওখনত কিছু যান্ত্ৰিক বিজুতি ঘটাত আন্দামানৰ দ্বীপত আৱদ্ধ হৈ পৰিছিল শৰণাৰ্থীৰ দলটো ৷

author img

By

Published : Jun 5, 2021, 11:20 AM IST

Updated : Jun 5, 2021, 12:57 PM IST

100 দিনৰ অন্তত ইণ্ডোনেছিয়াত ৰোহিংগীয়া শৰণাৰ্থী কঢ়িওৱা নাও
100 দিনৰ অন্তত ইণ্ডোনেছিয়াত ৰোহিংগীয়া শৰণাৰ্থী কঢ়িওৱা নাও

ইন্টাৰনেশ্যনেল ডেস্ক,5 জুন: প্ৰায় 100 দিনৰ অন্তত বাংলাদেশৰ উপকূলীয় অঞ্চল ‘কোক্স বাজাৰ’ৰ পৰা 81 গৰাকী ৰোহিংগীয়া শৰণাৰ্থী ইণ্ডোনেছিয়াৰ ‘আচেহ’ত উপস্থিত হয় ৷ বাংলাদেশৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ এসপ্তাহ পিছত বিগত 18 ফেব্ৰুৱাৰীত তেওঁলোকে ভ্ৰমণ কৰা নাওখনৰ যান্ত্ৰিক বিজুতি ঘটাত তেওঁলোকে আন্দামানৰ দ্বীপত আৱদ্ধ হৈ পৰিছিল ৷

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে তেওঁলোকক খাদ্য, খোৱা পানীৰ লগতে স্বাস্থ্য সেৱাৰ যোগান ধৰিছিল ৷ ইয়াৰ উপৰিও তেওঁলোকে নাওখন মেৰামতি কৰাৰ ব্যৱস্থা কৰে যদিও নাওখনক পুনৰ সাগৰলৈ যোৱাৰ অনুমতি প্ৰদান নকৰে ৷ ভাৰতে এই শৰণাৰ্থীসকলক ওভতাই নিয়াৰ ক্ষেত্ৰত বাংলাদেশৰ সৈতে বুজাবুজি কৰিছিল যদিও বাংলাদেশে তেওঁলোকক ওভতাই নিবলৈ অস্বীকাৰ কৰে ৷ ইয়াৰ পিছতেই আন্দামান প্ৰশাসনে নাও মেৰামতিৰ বাবে অনুমতি প্ৰদান কৰে আৰু এই শৰণাৰ্থীসকলক চোৱাচিতা কৰে ৷

30 মে’ত নাওখন সম্পূৰ্ণৰূপে যাত্ৰাৰ বাবে প্ৰস্তুত হৈ উঠে আৰু সন্ধিয়াৰ ভাগত পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ শুকুৰবাৰে এই 81 গৰাকী ৰোহিংগীয়া শৰণাৰ্থীৰ সৈতে নাওখন আচেহত আহি উপস্থিত হয় ৷ নাৱৰ মালিকে যাত্ৰীসকল সুস্থ শৰীৰে ইণ্ডোনেছিয়াত উপস্থিত হোৱা বুলি তেওঁলোকৰ পৰিয়ালবৰ্গক অৱগত কৰে ৷

এই শৰণাৰ্থীসকলৰ চোৱাচিতা কৰা আন্দামানৰ এক সূত্ৰই কয় যে, ‘ইণ্ডোনেছিয়া হ’ল আটাইতকৈ ওচৰৰ দক্ষিণ-পূৱ এছিয়ান সীমান্ত য’ত এই নাওখন উপস্থিত হ’ব পাৰে ৷ কাৰণ নাওখন কিমান দূৰলৈ ভ্ৰমণ কৰিব পাৰিব এই সন্দৰ্ভত নিশ্চিত নাছিল চালকৰ দলটো’৷

নাওখনৰ অৱস্থান ধৰা পৰাৰ পৰা বিৰত ৰাখিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নাওখনৰ চেটেলাইট ফোনটো কাঢ়ি ৰাখিছিল ৷ নাওখনত যাত্ৰা কৰা 90 গৰাকী যাত্ৰী (65 গৰাকী মহিলা, 20 গৰাকী পুৰুষ, 5 নাবালক) ৰ 9 গৰাকী ডায়েৰিয়া আৰু ডি-হাইড্ৰেছনৰ বাবে মৃত্যুবৰণ কৰে ৷ কিন্তু ভাৰতৰ পৰা ভ্ৰমণ কৰাৰ পিছত বাকী 81 গৰাকী যাত্ৰী সুস্থ শৰীৰে ইণ্ডোনেছিয়াত উপস্থিত হয় ৷

বিগত ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰসংঘই মানবীয় আধাৰৰ ওপৰত ভিত্তি কৰি ৰোহিংগীয়া শৰণাৰ্থীসকলৰ দায়িত্ব লোৱাৰ বাবে অনুৰোধ জনাইছিল ৷ ভাৰতীয় প্ৰশাসনে নিশ্চিত কৰে যে, নাওখনত থকা 47 গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক বাংলাদেশ UNHCR-এ প্ৰদান কৰা শৰণাৰ্থী কাৰ্ড আছিল ৷

লগতে পঢ়ক- বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ

Last Updated : Jun 5, 2021, 12:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.