ETV Bharat / international

ভূটানত 7 দিনীয়া লকডাউন জাৰি প্ৰধানমন্ত্ৰী লোতায় শ্বেৰিঙৰ

author img

By

Published : Dec 23, 2020, 11:06 AM IST

ভূটানত বৃদ্ধি পোৱা নতুন ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা 7 দিনীয়াকৈ লকডাউন জাৰি ভূটান চৰকাৰৰ ৷ এই লকডাউনে ভাইৰাছ সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰিব বুলি ভূটানৰ প্ৰধানমন্ত্ৰী লোতায় শ্বেৰিঙে সদৰি কৰে ৷

7-day nationwide lockdown in bhutan
ভূটানত 7 দিনীয়া লকডাউন জাৰি

ইণ্টাৰনেশ্যনেল ডেস্ক,23 ডিচেম্বৰ : মঙলবাৰৰ পৰা 7 দিনীয়া লকডাউন জাৰি কৰা হৈছে ভূটানত ৷ দেশখনত বৃদ্ধি পোৱা নতুন ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰিছে ভূটানৰ প্ৰধানমন্ত্ৰী লোতায় শ্বেৰিঙে ৷

এক জাননীযোগে প্ৰধানমন্ত্ৰী শ্বেৰিঙে সমগ্ৰ দেশজুৰি 7 দিনৰ বাবে লকডাউনৰ ঘোষণা কৰে ৷ এই লকডাউনে ভাইৰাছক নিয়ন্ত্ৰণ কৰিব অৰ্থাৎ ভাইৰাছ সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰিব বুলি তেওঁ মন্তব্য কৰে ৷

মঙলবাৰে ৰাতিপুৱাৰ ভাগত থিম্ফুৰ ফ্লু ক্লিনিকসমূহত আৰু লামোইজিংখাবাসীৰ মাজত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱাৰ পাচতে অধিক কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ ইয়াৰ অন্তৰালত লকডাউনৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ৷

আনহাতে হিমালয়া কিংডমৰ বুলেটিনত প্ৰকাশিত অনুসৰি,মুঠ 479 টা ঘটনাৰ ভিতৰত 430 টা ক’ভিড পজিটিভ পোৱা গৈছে ৷ অৱশ্যে এতিয়াও ভূটানত ক’ভিড-19ৰ ফলত কোনো ৰোগীৰ মৃত্যু হোৱা নাই ৷

লকডাউনৰ সময়ছোৱাত নিৰ্ধাৰিত কিছুমান দোকান আৰু অত্যাৱশ্যকীয় সেৱা উপলব্ধ হোৱাৰ বাহিৰে সকলো বিদ্যালয়,প্ৰতিষ্ঠান,কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব বুলি জাননীযোগে প্ৰকাশ পাইছে ৷

ঠিক সেইদৰে,থিম্ফুত কাৰ্ড ব্যৱহাৰ কৰি লোকসকলে চলাচল আৰু অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ কৰিব পাৰিব । তাৰোপৰি,বিচ্ছিন্ন থকা ঘৰবোৰত আইশ্ব’লেচনৰ ব্যৱস্থা প্ৰযোজ্য নহয় ৷

লগতে পঢ়ক : কৰ‘ণাৰ প্ৰতিষেধকৰ প্ৰথমটো ড‘জ গ্ৰহণ কৰিলে জ‘ বাইডেনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.