নিউজ ডেস্ক, 28 আগষ্টঃ যি সময়ত সমগ্ৰ বিশ্বই লিংগ সমতা স্থাপনৰ কথা উল্লেখ কৰি আহিছে, তেনে সময়তে বাংলাদেশে দাঙি ধৰিছে এক উল্লেখনীয় নিদৰ্শন ৷ লিংগ সমতা স্থাপনত দেশখনৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত ৷ সেই অনুসৰি, এতিয়াৰে পৰা বাংলাদেশৰ বিবাহ-পঞ্জীয়ন প্ৰমাণপত্ৰত নাথাকিব "কুমাৰী" শব্দটো ৷
উল্লেখ্য যে, বাংলাদেশৰ ইছলামীয় বিবাহ আৰু বিবাহ-বিচ্ছেদ আইন অনুসৰি এগৰাকী কইনাৰ বাবে বিবাহ-প্ৰমাণপত্ৰত তিনিটা শব্দ; কুমাৰী, বিধৱা আৰু বিবাহ বিচ্ছেদ উল্লেখ আছিল ৷ কিন্তু একেইখিনি কথা দৰাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাছিল ৷ 2014 চনত তিনিটাকৈ অধিকাৰ গোটে দেশখনৰ উচ্চ ন্যায়ালয়ত আপত্তি দৰ্শাই এয়া অসাংবিধানিক বুলি আবেদন দাখিল কৰিছিল ৷
উক্ত গোচৰৰ শুনানি স্বৰূপে শেহতীয়াকৈ দেশখনৰ উচ্চ ন্যায়ালয়ে উক্ত আইনখনৰ সংশোধন কৰি তাত থকা "কুমাৰী" শব্দটো উঠাই দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ "কুমাৰী" শব্দৰ পৰিৱৰ্তে ন্যায়ালয়ে "অবিবাহিত" শব্দটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত বাংলাদেশৰ আদালতে গ্ৰহণ কৰা এই সিদ্ধান্তক দেশখনৰ জনসাধাৰণে আদৰি লৈছে ৷