ETV Bharat / international

১ ফেব্ৰুৱাৰীৰ পৰা ম্যানমাৰত প্ৰায় ১৩৮ জনৰ মৃত্যু: ৰাষ্ট্ৰসংঘ

author img

By

Published : Mar 16, 2021, 4:56 PM IST

সোমবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে যে, যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ শাসন ব্যৱস্থা সামৰিক বাহিনীয়ে বলপূৰ্বকভাৱে নিজৰ দখললৈ নিয়াৰ পিছৰে পৰা এতিয়ালৈকে দেশখনত শিশু, মহিলাসহ অতি কমেও ১৩৮ জন নাগৰিক নিহত হৈছে । এই লোকসকলে সামৰিক অভ্যুত্থানৰ বিৰোধিতাৰে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিল । গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পুনৰুদ্ধাৰৰ বাবে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা । এই প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ নিৰাপত্তাবাহিনীয়ে কঠোৰ দমন নীতি গ্ৰহণ কৰিছে ।

১ ফেব্ৰুৱাৰীৰ পৰা ম্যানমাৰত প্ৰায় ১৩৮ জনৰ মৃত্যুঃ ৰাষ্ট্ৰসংঘ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৬ মাৰ্চ: যোৱা ১ ফেব্ৰুৱাৰীত ম্যানমাৰত সামৰিক বাহিনীৰ বলপূৰ্বক অধিগ্ৰহণৰ পিছত দেশখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । সোমবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে প্ৰকাশ কৰা মতে, শিশু, মহিলাসহ প্ৰায় ১৩৮ জন নাগৰিকে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে । দৈনিক সংবাদৰ চমু অৱলোকনৰ সময়ত তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ তথ্য দাঙি ধৰি কয় যে, দেশখনত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা প্ৰায় ১৩৮ জন লোকৰ মৃত্যু হৈছে ।

দেওবাৰে নিহত হোৱা ৩৮ জন লোকৰ ভিতৰত অধিকাংশই ইয়াংগনৰ লাইং থায়াৰ অঞ্চলৰ । আনহাতে, শনিবাৰে ১৮ জন লোকক হত্যা কৰা হৈছিল । শান্তিপূৰ্ণভাৱে বিৰোধিতা কৰা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে অব্যাহত থকা সামৰিক বাহিনীৰ হিংসাত্মক দমন নীতি আৰু ম্যানমাৰৰ জন সাধাৰণৰ মৌলিক মানৱ অধিকাৰৰ অবিৰত উলংঘন হোৱা কাৰ্যক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে গৰিহণা দিছে বুলিও ষ্টিফেন ডুজাৰিকে মন্তব্য কৰে ।

এই সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰাৰ আশা ব্যক্ত কৰে মুখপাত্ৰগৰাকীয়ে । সোমবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত ক্ৰিষ্টিন শ্ৰানাৰ বাৰ্গেনাৰে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা লোকৰ ওপৰত সামৰিক বাহিনীৰ নিষ্ঠুৰ অভিযান আৰু মানৱ অধিকাৰৰ ৰক্ষাৰ বাবে সমগ্ৰ বিশ্বই জনোৱা আহ্বানক ভ্ৰূক্ষেপ কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে । তেওঁ প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, চিকিৎসা কৰ্মীসকলৰ বিৰুদ্ধে সামৰিক বাহিনীৰ অমানৱীয় ব্যৱহাৰ আৰু ৰাজহুৱা আন্তঃগাঁথনি ধ্বংস আদিকে ধৰি হিংসাত্মক কাৰ্যই শান্তিপূৰ্ণ পৰিস্থিতিৰ সম্ভাৱনা নোহোৱা কৰে ।

আনহাতে, ইয়াংগনৰ পোছাক উৎপাদন কেন্দ্ৰত কেইবাজনো প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিছত ম্যানমাৰৰ সামৰিক বাহিনীয়ে সীমান্তৰ বিস্তৃত অংশলৈ সমৰ আইন বৃদ্ধি কৰিছে । নিক্কেই এছিয়াই প্ৰকাশ কৰা মতে, কেইবাটাও চীনা কাৰখানাও প্ৰভাৱিত হৈছে । প্ৰথম অৱস্থাত ইয়াংগনৰ লাইংথায়া আৰু শ্বেপয়িথা জিলাত নতুন নিষেধাজ্ঞাৰ বিষয়ে ঘোষণা কৰা হৈছিল আৰু ৰাজ্যিক সংবাদ মাধ্যমৰ মতে, এতিয়া দেশখনৰ সৰ্ববৃহৎ চহৰ উত্তৰ ডেগ'ন, উত্তৰ ওক্কালাপা, দক্ষিণ ডেগ'ন আৰু ডেগ'ন চেইক্কান টাউনশ্বিপতো নতুন নিষেধাজ্ঞা আৰোপ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে ।

যোৱা ১ ফেব্ৰুৱাৰীত সামৰিক বাহিনীয়ে ম্যানমাৰৰ ক্ষমতা দখল কৰাৰ পিছত বহু সংখ্যক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে আৰু অং ছান চ্যু কিৰ নিৰ্বাচিত চৰকাৰক ক্ষমতা উভতাই দিবলৈ দাবী কৰিছে । কিন্তু নিৰাপত্তা বাহিনীয়ে এই প্ৰতিবাদী ঢৌ দমন কৰিবলৈ ক্ৰমান্বয়ে ভয়াৱহ ব্যৱস্থা গ্ৰহণ কৰিছে । গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ পুনৰুদ্ধাৰৰ বাবে আন্তৰ্জাতিক শক্তিয়ে চাপ বৃদ্ধি কৰা স্বত্বেও ম্যানমাৰৰ জান্তা বাহিনীয়ে উপেক্ষা কৰিছে । দেশখন বে-আইনীভাৱে গ্ৰহণ কৰাৰ বিৰুদ্ধে জনতাই কৰা প্ৰতিবাদক হিংসামূলকভাৱে দমন কৰি আছে । বহুতো আইন প্ৰণেতাই সামৰিক বাহিনীক 'সন্ত্ৰাসবাদী সংগঠন' হিচাপেও অভিহিত কৰিছে ।

লগতে পঢ়ক: চীনত নিৰ্মিত দুৱাৰমেটত শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পতাকাৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.