নিউজ ডেস্ক, 14 মেঃ শ্ৰীলংকাৰ কলম্বো চহৰত এটা মুছলমান সম্প্ৰদায়ৰ ওপৰত হোৱা বোমা বিস্ফোৰণৰ পাচত চৰকাৰে সমগ্ৰ দেশখনতে সান্ধ্য জাৰি কৰিছে ৷ ইয়াৰোপৰি দেশখনত চ'চিয়েল মিডিয়া নিষিদ্ধ কৰিছে ৷ ইসাই ধৰ্মাৱলম্বী লোকসকলে মুছলীম ধৰ্মাৱলম্বী লোকসকলৰ দোকান আক্ৰমণ কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যতে চাপৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে কলম্বো চহৰৰ তিনিখন জিলাত সংঘটিত হোৱা মুছলিম বিৰোধী হিংসাত্মক ঘটনাই যাতে চ'চিয়েল মিডিয়াৰ জৰিয়তে অন্য ৰূপ নলয় সেইবাবে দেশখনত চ'চিয়েল মিডিয়া নিসিদ্ধ কৰে। ইয়াৰোপৰি শনিবাৰে শ্ৰীলংকা প্ৰশাসনে চ'চিয়েল মিডিয়াৰ জৰিয়তে চৰমপন্থী ধাৰণা প্ৰচাৰ কৰাৰ চেষ্টা কৰা এজন ৪৭ বছৰীয়া মৌলনাক আটক কৰে।

উল্লেখ্য যে বিগত 21 এপ্ৰিলত সমগ্ৰ দেশখনৰ আঠখন বেলেগ বেলেগ ঠাইত হোৱা বিস্ফোৰণত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হয়।