নিউজ ডেস্ক, 2 জুলাইঃ শ্ৰমিক বজাৰত COVID-19ৰ প্ৰভাৱ সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাই কৰা এক বিশ্লেষণত পোৱা গৈছে যে, 2020 বৰ্ষৰ প্ৰথমাৰ্ধত বিশ্বত কৰ্তব্যৰ সময় পূৰ্বৰ তুলনাত যথেষ্ট বেয়া আছিল ৷ সংস্থাটোৱে সকীয়নি প্ৰদান কৰে যে, বছৰটোৰ দ্বিতীয়াৰ্ধত হোৱা লোকচান প্ৰাক মহামাৰীত স্তৰলৈ ঘূৰি যোৱাৰ ক্ষেত্ৰত যথেষ্ট নহয় ৷ আনকি বৃহৎ সংখ্যক লোকে চাকৰি হেৰুওৱাৰো সম্ভাৱণা প্ৰকট হৈছে ৷
2020 বৰ্ষৰ দ্বিতীয়াৰ্ধ
নতুন বিশ্লেষণে 2020 বৰ্ষক দ্বিতীয়াৰ্ধত পুনৰুদ্ধাৰৰ বাবে তিনিটা পৰিস্থিতি উপস্থাপন কৰিছে ৷ নিৰ্ধাৰিত ৰেখা, নিৰাশাবাদী আৰু আশাবাদী ৷ এই বিশ্লেষণত জানিব পৰা গৈছে, দীৰ্ঘম্যাদী ভৱিষ্যৎ মহামাৰী আৰু চৰকাৰী নীতি নিয়মৰ গতিপথৰ ওপৰত নিৰ্ভৰ কৰিব ৷
নিৰ্ধাৰিত ৰেখাঃ যিয়ে পূৰ্বতে বিদ্য়মান অৰ্থনৈতিক ক্ৰিয়াকলাপৰ ওপৰত সামঞ্জস্য ৰাখি পুনৰুদ্ধাৰৰ হিচাপ কৰিব ৷
নিৰাশাবাদী পৰিস্থিতিঃ ই দ্বিতীয় মাহামাৰীৰ তৰংগ আৰু প্ৰতিবন্ধকতাৰ প্ৰত্যাবৰ্তনক যথেষ্ট ধীৰ গতিৰে পুনৰুদ্ধাৰ কৰিব ৷
আশাবাদী পৰিস্থিতিঃ আশাবাদী পৰিস্থিয়ে কৰ্মচাৰী সকলৰ ক্ৰিয়াকলাপত দ্ৰুততা প্ৰদান কৰে ৷ যিয়ে সামগ্ৰিক চাহিদা আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত উল্লেখ্যযোগে উৎসাহ প্ৰদান কৰে ৷
মহিলাৰ ক্ষেত্ৰত প্ৰভাৱ
এই বিশ্লেষণৰ পৰা জানিব পৰা গৈছে, মহিলা শ্ৰমিক সকলক এই মহামাৰীয়ে যথেষ্ট ক্ষতি কৰিছে ৷ ইয়াৰ পৰা কামৰ ক্ষেত্ৰত এক লিংগভিত্তিক অসমানতাৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে ৷
সমগ্ৰ বিশ্বতে প্ৰভাৱিত মহিলাসকলৰ ভিতৰত প্ৰায় 510 মিলিয়ন বা 40 শতাংশ মহিলাই COVID-19ৰ দ্বাৰা চাৰিটা আটাইতকৈ অধিক প্ৰভাৱিত ক্ষেত্ৰত কৰ্মৰত 36.6 পুৰুষৰ তুলনাত ৷
ইয়াৰ ওপৰিও ঘৰুৱা কাম, সামাজিক আৰু স্বাস্থ্যখণ্ডৰ লগত জড়িত মহিলা সকলৰ বাবে তেওঁলোকৰ আয়ৰ ক্ষেত্ৰ হেৰুওৱাত সৰ্বাধিক শংকা থাকে ৷