ETV Bharat / international

উত্তৰ-পশ্চিম পাকিস্তানত 1,300 বছৰ পুৰণি হিন্দু মন্দিৰ আৱিস্কাৰ

author img

By

Published : Nov 21, 2020, 7:57 AM IST

বৃহস্পতিবাৰে পাকিস্তান আৰু ইটালীৰ প্ৰত্নতত্ববিদসকলে উল্লেখ কৰা অনুসৰি, উত্তৰ-পশ্চিম পাকিস্তানৰ শ্বাট জিলাৰ এখন পাহাৰত 1,300 বছৰ পুৰণি এটি হিন্দু মন্দিৰ আৱিস্কাৰ হৈছে ৷ হিন্দু শ্বাহী সময়ছোৱাত হিন্দুসকলে এই মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰটো গান্ধাৰ সভ্য়তাৰ প্ৰথমটো মন্দিৰ বুলি বিভাগে সদৰি কৰে ৷

Ancient Hindu temple discovered in northwest Pakistan
উত্তৰ-পশ্চিম পাকিস্তানত 1,300 বছৰ পুৰণি হিন্দু মন্দিৰ আৱিস্কাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : উত্তৰ-পশ্চিম পাকিস্তানৰ শ্বাট জিলাৰ এখন পাহাৰত উদ্ধাৰ হৈছে 1,300 বছৰ পুৰণি এটি হিন্দু মন্দিৰ ৷ পাকিস্তান আৰু ইটালীৰ প্ৰত্নতত্ববিদসকলে পাহাৰখনৰ পৰা এই হিন্দু মন্দিৰটো আৱিস্কাৰ কৰিছে ৷ বাৰিকোট ঘুন্দাই খননৰ সময়তে হিন্দু মন্দিৰটো আৱিস্কাৰ কৰিছে প্ৰত্নতত্ববিদসকলে ৷

এই আৱিস্কৃত মন্দিৰটো ভগৱান বিষ্ণুৰ মন্দিৰ বুলি বৃহস্পতিবাৰে প্ৰত্নতত্ব বিভাগৰ খাইবাৰ পাখতুনখোলা ফজলে খালিকে জানিবলৈ দিয়ে ৷ 1,300 বছৰ পূৰ্বে হিন্দু শ্বাহী সময়ছোৱাত হিন্দুসকলে এই মন্দিৰটো নিৰ্মাণ কৰিছিল ৷

হিন্দু শ্বাহী তথা কাবুল শ্বাহী (850-1026 খ্ৰীঃপূঃ) এক হিন্দু ৰাজবংশ আছিল, যিয়ে কাবুল ঘাটি (পূৱ আফগানিস্তান), গান্ধাৰ (বৰ্তমানৰ পাকিস্তান) আৰু বৰ্তমানৰ পশ্চিমোত্তৰ ভাৰতত শাসন কৰিছিল ৷

প্ৰত্নতত্ব বিভাগৰ খননৰ সময়ত প্ৰত্নতত্ববিদসকলে মন্দিৰটোৰ এফালে সেনা নিৱাস আৰু প্ৰহৰীৰ চাপো আৱিস্কাৰ কৰে ৷ ইয়াৰোপৰি এটি পানীৰ টেংকী উদ্ধাৰ কৰে আৰু এই টেংকীটো হিন্দুসকলে মন্দিৰত পূজা কৰাৰ পূৰ্বে ব্য়ৱহাৰ কৰা বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে ৷

আনহাতে, ইটালীৰ প্ৰত্নতত্ববিদ ড৹ লুকে কয় যে, শ্বাট জিলাত আৱিস্কাৰ হোৱা এই মন্দিৰটো গান্ধাৰ সভ্য়তাৰ প্ৰথমটো মন্দিৰ ৷ প্ৰাকৃতিক সৌন্দৰ্য, ধৰ্মীয় ভ্ৰমণ, সংস্কৃতি, পৰ্যটন আৰু প্ৰত্নতাত্বিক দিশৰ ক্ষেত্ৰত পাকিস্তানৰ শীৰ্ষ 20 টা স্থানৰ ভিতৰত শ্বাট জিলাও অন্যতম ৷ এই জিলাখনত বৌদ্ধ ধৰ্মৰ লোকৰো বহু পূজাথলী আৱিস্কাৰ কৰা হৈছে ৷

লগতে পঢ়ক : কৰ'ণাৰ চিকিৎসাৰ বাবে ৰেমডিজাভিৰ ব্যৱহাৰ নকৰিবলৈ সকীয়নি WHO ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.