ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুলাই : ইণ্ডোনেছিয়াত পুনৰ অনুভূত হ'ল ভূঁইকপৰ জোকাৰণি । শনিবাৰে পুৱা ৬.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ'ল মধ্য ইণ্ডোনেছিয়াৰ উত্তৰ ছুলাৱেছি প্ৰদেশ । বতৰ বিজ্ঞান আৰু ভূ-পদাৰ্থ বিজ্ঞান সংস্থাই জনোৱা মতে, ছুনামিৰ কোনো সম্ভাৱনা নাই ৷ স্থানীয় সময় অনুসৰি পুৱা ৭.৪৩ বজাত জোকাৰণি অনুভূত হয় ।
ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল কেপুলাউৱান তালাউদ জিলাৰ মেলংগুৱানে চহৰৰ পৰা দক্ষিণ-পশ্চিম দিশত ১১২ কিল’মিটাৰ দূৰৈত থকা এটা অঞ্চল । প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ পৰিসীমাৰ ভিতৰত থকা বাবে ইণ্ডোনেছিয়াত সঘনাই ভূমিকম্প হয় । চলিত বৰ্ষৰ জানুৱাৰী মাহত ছুলাৱেছিক ৬.২ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল । ভূমিকম্পটোৰ ফলত ১০০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল ।
ইয়াৰোপৰি হাজাৰ হাজাৰ লোক গৃহহীন হৈছিল । সমুদ্ৰতীৰৰ মামুজু চহৰত থকা অট্টালিকাবোৰ তাচপাতৰ দৰে খহি পৰিছিল । উল্লেখ্য যে, ২০১৮ চনতো বৰ ভূঁইকপে লম্বক দ্বীপ কঁপাইছিল ।
পাছতো কেইবা সপ্তাহলৈকে অঞ্চলটোত সৰু সৰু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ফলত লম্বক দ্বীপ আৰু চুবুৰীয়া চুম্বাৱাত ৫৫০ জনৰো অধিক লোকৰ মৃত্যু হয় । উক্ত বছৰৰ শেষৰ ফালে ছুলাৱেছিৰ পালুত ৭.৫ প্ৰাবল্যৰ ভূমিকম্প হয় ৷
ভূমিকম্পটোৰ পিছত হোৱা ছুনামিৰ ফলত ৪,৩০০ জনৰো অধিক লোক নিহত আৰু সন্ধানহীন হয় । যোৱা ৭ মাৰ্চত ইণ্ডোনেছিয়াৰ মালুকুক আন এক ভূমিকম্পই জোকাৰি যায় । ৫.৮ প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল উত্তৰ-পশ্চিম মালুকু টেংগাৰা জিলাৰ ২০৪ কিল’মিটাৰ দূৰত্বত থকা এক অঞ্চল ।
লগতে পঢ়ক: চুইডেনত Skydiving Plane দুৰ্ঘটনাগ্ৰস্ত হৈ ৯ জন নিহত