ETV Bharat / international

LoC ত ভাৰতৰ আক্ৰমণ : 35 সন্ত্ৰাসবাদী আৰু পাকিস্তানী সৈন্যৰ মৃত্যু - বিশেষ বলৰ 5 পাৰাকামাণ্ডোৰ হত্যা

LoC ত ভাৰতৰ আক্ৰমণ ৷ নিহত 35 সন্ত্ৰাসবাদী আৰু পাকিস্তানী সৈন্য ৷

নিহত 35 সন্ত্ৰাসবাদী আৰু পাকিস্তানী সৈন্য
LoC ত ভাৰতৰ আক্ৰমণ
author img

By

Published : Apr 13, 2020, 10:10 PM IST

নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : শুকুৰবাৰে ভাৰত-পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত (Line of Control) সন্ত্ৰাসবাদী চাউনীত আক্ৰমণ চলাই ভাৰতে ৷ 5 এপ্ৰিলত পাকিস্তানে গুলীবৰ্ষণ কৰি বিশেষ বলৰ (Special Forces) 5 পাৰাকামাণ্ডোক হত্যা কৰাৰ পাচতে ভাৰতে প্ৰত্যাক্ৰমণ কৰে ৷

ভাৰতৰ চোৰাংচোৱা সংস্থাৰ এজন শীৰ্ষ বিষয়াই কয়, "পাকিস্তানৰ পক্ষৰ বহু ক্ষতি সাধন হৈছে ৷ দুটাকৈ সন্ত্ৰাসবাদী চাউনী ধংস হোৱাৰ লগতে বহুসংখ্য়ক অস্ত্ৰ-শস্ত্ৰ আৰু সন্ত্ৰাসবাদী আৰু পাকিস্তানী সৈন্য়ৰ 35 জনকৈ লোকৰ মৃত্যু হৈছে ৷"

পাকিস্তানৰ সৈন্য়ৰ অধিক ক্ষতি হৈছে যিহেতু সেই অঞ্চলত সন্ত্ৰাসবাদীয়ে তিনি চাৰিজনতকৈ বেছি সদস্যৰ গোট বান্ধি নাথাকে ৷ সেই স্থানতে ভাৰতে আক্ৰমণ চলাইছে ৷

সোমবাৰে পুৱা ভাৰতৰ উপ উচ্চায়ুক্ত গৌৰৱ আহলুৱালিয়াক ইছলামাবাদস্থিত দক্ষিণ এছিয়া আৰু ছাৰ্কৰ প্ৰবন্ধ নিৰ্দেশক জাহিদ হাফিজ চৌধৰীয়ে চমন জাৰি কৰিছে ৷ 'ভাৰতৰ দ্বাৰা যুদ্ধবিৰতি উলংঘা' আৰু 'নিৰপৰাধী লোকক আক্ৰমণ' কৰাৰ অভিযোগ উত্থাপন কৰি পাকিস্তানে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে দুই চুবুৰীয়া পাৰমাণৱিক শক্তিয়ে LoC ত লোৱা নাই বিশ্ৰাম ৷

5 এপ্ৰিলত ভাৰতে পাকিস্তানৰ গুলীবৰ্ষণৰ ফলত 5 জনকৈ পাৰাকমাণ্ডোক হেৰুওৱাৰ পাচত 6 এপ্ৰিলৰ দিনা এজন কৰ্নেলে ইটিভি ভাৰতৰ আগত মন্তব্য কৰিছিল, "আমি 5 জন সৈন্য়ক হেৰুৱালো, এয়া সময়ৰ আহ্বান ৷ আমি ইয়াতকৈ বিনাশকাৰী ৰূপত অৱতীৰ্ণ হ'ম আৰু প্ৰত্যাক্ৰমণ ঘটাম ৷"

ইয়াৰ পাচতে 10 এপ্ৰিলৰ দিনা দুই সীমান্তৱৰ্তী ৰাষ্ট্ৰই পৰস্পৰৰ ওপৰত আক্ৰমণ চলাইছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.