ভাৰত আৰু চীন, দুয়ো ৰাষ্ট্ৰই নেপালৰ দ্ৰুত পৰিৱৰ্তিত ৰাজনৈতিক ঘটনাক্ৰম উৎসুকতাৰে লক্ষ্য কৰি আছে ৷ কে পি শৰ্মা অ’লিৰ চৰকাৰখন গভীৰ ৰাজনৈতিক সংকটৰ গৰাহত পৰি এক অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱাৰ পাচত বেইজিং আৰু দিল্লীস্থিত বহুকেইজনৰে চকু থৰ হৈ গৈছিল ৷ অ’লিয়ে ২০২০ চনৰ ডিচেম্বৰত প্ৰতিনিধি সভাখন অৰ্থাৎ নিম্ন সদন, ভংগ কৰিবলৈ লোৱা পদক্ষেপক হিমালয় ৰাষ্ট্ৰখনৰ উচ্চতম ন্যায়ালয়ে অসংবিধানিক বুলি ৰায় দিয়াৰ পাচত এই ঘটনাক্ৰমৰ সৃষ্টি হৈছিল ৷
পাঁচজন সদস্যৰে গঠিত সাংবিধানিক বিচাৰপীঠখনে তেওঁলোকৰ ৰায়দানত কয় যে ২০১৫ চনৰ নেপালৰ সংবিধানখনে দেশখনৰ প্ৰধানমন্ত্ৰীক কোনো ধৰণৰ পৰিস্থিতে সদন ভংগ কৰাৰ অধিকাৰ দিয়া নাই ৷ অ’লিৰ অসন্তুষ্টি দুগুণে বৃদ্ধি কৰা ৰায়দানটো আছিল তেওঁৰ বহুল বিতৰ্কিত পদক্ষেপটোৰ পিচত তেওঁ ৰাজহুৱাকৈ দিয়া যুক্তিৰ সম্পূৰ্ণ বিপৰীত ৷ উল্লেখ্য যে, তেওঁ দাবী কৰিছিল উইনছ্মিন্ষ্টাৰ শৈলীৰ গণতন্ত্ৰত এজন প্ৰধান মন্ত্ৰী হিচাপে তেওঁ সদন ভংগ কৰাৰ চূড়ান্ত অধিকাৰ ভোগ কৰাৰ লগতে যেতিয়াই ইচ্ছা তেতিয়াই ৰাষ্ট্ৰত মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে ৷
২৩ ফেব্ৰুৱাৰী, মঙলবাৰে উচ্চতম ন্যায়ালয়ে অ’লিক ভুল প্ৰমাণিত কৰে ৷ এই ৰায়দানে কাৰ্যকাল সম্পূৰ্ণ নহওঁতেও সদন ভংগ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰাক্তন এনচিপি (নেপালী কমিউনিষ্ট দল)ৰ কমৰেড সকলকে ধৰি বিপক্ষৰ নেপালী কংগ্ৰেছ আৰু নাগৰিক সমাজক ন্যায়ালয়খনৰ উৎফুল্লিত কৰি তুলিছিল ৷ তেওঁলোকে ন্যায়ালয়ৰ এই ৰায়ক স্বাগতম জনাই লগতে সভাখন পুনৰ্বাহালিকৰণক হৰ্ষোল্লাসেৰে উদযাপন কৰে ৷ ৰায়দানটোত কোৱা হয় যে পৰৱৰ্তী কৰ্মসূচী হাতত ল’বলৈ সভাখন ১৩ দিনত ভিতৰত অৰ্থাৎ ৮ মাৰ্চত পুনৰ্বাহাল হ’ব লাগিব ৷
এটা কথা স্পষ্ট যে কে পি অ’লিয়ে প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ নকৰালৈকে অনাস্থা প্ৰস্তাৱৰ ৰূপত তেওঁৰ দলৰে প্ৰাক্তন কমৰেড সকল লগতে বিপক্ষৰ আন আন বিধায়কসকলৰ পৰা বিৰোধিতাৰ সন্মুখীন হৈ থাকিব লাগিব ৷
এই ঘটনাপ্ৰবাহ ভৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ কিয় ?
ভাৰতবৰ্ষ আৰু নেপালৰ মাজত প্ৰায় ১৮০০ কিলোমিটাৰ দীঘল মুক্ত সীমান্ত আছে আৰু ভাৰতত বহুতেই এই মুক্ত সীমান্তত সুৰুঙা থকা বুলিও ভাবে ৷ লগতে এওঁলোকে ভাবে যে, যিহেতু ভাৰত আৰু নেপালৰ মাজত সভ্যতা, ঐতিহ্য, ভৌগোলিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্বন্ধৰ এক অদ্বিতীয় সম্পৰ্ক আছে, গতিকে যদি নেপালত প্ৰাকৃতিক নাইবা ৰাজনৈতিকেই হওঁক যিকোনো ধৰণৰ উত্থান-পতনৰ ঘটনাই ভাৰতকো কম বা তীব্ৰভাৱে প্ৰভাৱিত কৰিব ৷
দিল্লীত যিহেতু কে পি অ’লিৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাতে বিগত বছৰৰ জুন মাহত লিপুলেখ-কালাপানী-লিম্পিয়াধুৰাৰ বিতৰ্কিত অঞ্চলৰ অন্তৰ্ভুক্তিৰে নেপালে এখন নতুন ৰাজনৈতিক মানচিত্ৰ জাৰি কৰিছিল যাৰ ফলত কে পি অ’লি দিল্লীত বহুতৰে অপ্ৰিয়ভাজন হৈ পৰিছিল ৷ উল্লেখ্য যে লিপুলেখ-কালাপানী-লিম্পিয়াধুৰা হৈছে কৈলাশ শৃংগ আৰু মান সৰোবৰৰ দক্ষিণে স্থিত নেপাল-ভাৰত-চীন সীমান্তৰ ত্ৰিসংগমস্থলী ৷ এই মানচিত্ৰখন নেপালী সদনৰ দাৰা অনুমোদিত কৰা হৈছিল আৰু পিছলৈ ইয়াত নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু চৰকাৰী বেড্জো অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২০২০ চনৰ ৮ মে’ৰ দিনা লিপুলেখৰ পৰা কালাপানীলৈ এক জীপ-ট্ৰেক মুকলি কৰাৰ ঠিক পাচতেই নেপালৰ এই পদক্ষেপ পোহৰলৈ আহিছিল ৷
বহু আগৰে পৰাই অৰ্থাৎ ১৮১৬ চনত বৃটিছ আৰু নেপালৰ মাজত সম্পন্ন হোৱা চুগাউলি সন্ধিৰ অধীনত নেপালে লিপুলেখ অঞ্চলটোৰ দাবী কৰি আহিছিল ৷ যি সময়ত দিল্লী আৰু কাঠমাণ্ডুৱে এনে ধৰণৰ সীমা বিবাদ সমূহৰ নিষ্পত্তিৰ বাবে পুনৰাই দ্বি-পাক্ষীক আলোচনা আৰম্ভ কৰিব পৰা নাই; ঠিক তেনে এক সময়তে নেপালত ৰাজনৈতিক অস্থিৰতাৰ ফলত যি ধৰণৰ এক নতুন সংকটৰ উন্মেষ ঘটিছে; সি ভাৰত-চীনৰ দৰে প্ৰতিবেশী ৰাষ্ট্ৰৰ প্ৰতি শংকাৰ কাৰণ হোৱাতকৈ নিজৰ নাগৰিকসকলৰ বাবেহে বিপদ মাতি আনিব ৷
প্ৰায় ১৭ হাজাৰ লোকৰ প্ৰাণ লোৱা এটা দশকজোৰা (১৯৯৬ চনৰ পৰা ২০০৬ লৈকে) ৰক্ত ৰঞ্জিত মাওবাদী সশস্ত্ৰ বিদ্ৰোহৰ আঘাত সহন কৰিবলগা হোৱা নেপালত এতিয়াও সাংবিধান সভাৰ দ্বাৰা ৰচিত ২০১৫ চনৰ সংবিধান সম্পূৰ্ণৰূপে বলৱৎ হ’বগৈ পৰা নাই ৷ উল্লেখ্য যে, ইতিমধ্যে এই সংবিধান অনুসৰি দুটাকৈ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ৷ নেপালৰ অৰ্থনীতিৰ সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ হ’বলৈ এতিয়াও বাকী ৷ আনহাতে, নিবনুৱাৰ সংখ্যা অত্যধিক বৃদ্ধি পোৱাৰ ফলত দেশখনৰ যুৱক-যুৱতীসকলে সীমান্ত নেওচি ভাৰত তথা আন ৰাষ্ট্ৰসমূহলৈ সংস্থাপন বিচাৰি ঢাপলি মেলিব লগা হৈছে ৷
ই চীনৰ বাবে গুৰুত্বপূৰ্ণ কিয় ?
নেপালৰ ঘটনা প্ৰবাহৰ উত্থান-পতনত চীনো কম চিন্তিত নহয় ৷ প্ৰায় ১৪ শ কিলোমিটাৰ জোৰা শান্ত আৰু বিবাদহীন সীমা থকা দুয়োখন দেশক ভাগ কৰিছে সুউচ্চ হিমালয় পৰ্বতমালাই ৷ কিন্তু ‘বেল্ট এণ্ড ৰ’ড ইনিছিয়েটিভ’ (বি আৰ আই) লগতে প্ৰাচীন ‘চিল্ক ৰুট’ বিকাশৰ বাবে তথা বি আৰ আইত যোগদান কৰিবলৈ চীনে নেপালক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰি আছে আৰু চীনৰ এই প্ৰস্তাৱক নেপালে ভালো পাইছিল ৷ বিগত কিছু বছৰত বেইজিঙৰ পৰা কাঠমাণ্ডুলৈ ৰাষ্ট্ৰপতি শ্বি জিংপিঙকে ধৰি চীনা কমিউনিষ্ট দল (চি পি চি)ৰ নেতৃবৃন্দৰ আলোড়ন সৃষ্টি কেইবালানিও উচ্চস্তৰীয় যাত্ৰা হৈছিল ৷ য’ত তেওঁলোকে নেপালৰ কমিউনিষ্ট নেতাসকলক ঐক্যবদ্ধ হৈ থাকিবলৈ বাৰাম্বাৰ আহ্বান জনাইছিল ৷
বৰ্তমানৰ নেপালৰ ক্ষমতাহীন দল চিপিএনৰ মাজত যদিও উলম্ব বিভাজন ঘটিছে, ই কিন্তু গঠিত হৈছিল কে পি অ’লি আৰু প্ৰাক্তন মাওবাদী নেতা প্ৰচণ্ডৰ মাজত ২০১৭ চনৰ অক্টোবৰত যুক্ত ৰাজ্যিক তথা প্ৰাদেশিক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কিছুদিন পূৰ্বে গঠিত হোৱা জোঁট বন্ধনৰ ফলত ৷ দুয়োজনৰ মাজত এনে একতাৰ সম্বন্ধ স্থাপন হওঁক বুলি বহুদিনৰ পৰা আশাৰে বাট চাই ৰোৱা বেইজিঙৰ বাবে এই মিত্ৰতা এক আনন্দদায়ক উপহাৰৰূপে বিবেচিত হৈছিল ৷ আৰম্ভণিৰে পৰাই অ’লি, প্ৰচণ্ডক আৰু আনসকলক ঐক্যবদ্ধ হৈ থাকিবলৈ সোঁৱৰাই দিয়াত নেপালত চীনৰ জনপ্ৰিয় ৰাষ্ট্ৰদূত হৌ য়ানচি সক্ৰিয় হৈ আছিল ৷
বিগত মাহবোৰত যেতিয়া এনচিপি, বিশেষকৈ অ’লি আৰু প্ৰচণ্ড-মাধৱ নেপালৰ গোটৰ মাজত সংঘাত সৃষ্টি হ’বলৈ আৰম্ভ কৰিছিল; তেতিয়াও হৌ সক্ৰিয় হৈ আছিল ৷ কিন্তু অ’লি আৰু প্ৰচণ্ড-মাধৱ নেপালৰ গোটৰ মাজৰ শত্ৰুতা বেয়াৰ পৰা বেয়ালৈহে ঢাল খাবলৈ ধৰাত তেওঁ ব্যৰ্থ হয় ৷ স্পষ্টৰূপতে দিল্লীৰ দৰেই বেইজিঙো নেপালৰ পৰিস্থিতিকলৈ উদ্বিগ্ন ৷ চি পি এনৰ ঐক্যতাক বেইজিঙে অন্তঃকৰণেৰে বিচাৰিছিল কিন্তু ওলোটাই ই থানবানহে হৈ থাকিল ৷
এই সমস্যাৰ সমাধান কি ?
৮ মাৰ্চত সদনৰ পুনৰ্বাহালি কৰণ হোৱাৰ লগে লগে ক্ষমতাহীন চিপিএন দলটো এক আনুষ্ঠানিক বিভাজনৰ দিশে অগ্ৰসৰ হ’ব ৷ তেতিয়া এই দলত বহু আকাংক্ষিত প্ৰধানমন্ত্ৰীৰ পদটোৰ বাবে দুজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ এহাতে কে পি অ’লিয়ে এটা গোটৰ প্ৰতিনিধিত্ব কৰিব ৷ যাৰ সদস্যসকল বৰ্তমান চৰকাৰত আছে ৷ আনহাতে প্ৰতিদ্বন্দী গোটটোৰ প্ৰতিনিধিত্ব প্ৰচণ্ডই কৰাৰ সম্ভাৱনা আছে ৷
তেওঁ নিজৰ স্থিতি সবল কৰিবলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ নেপাল আৰু জালা নাথ খানালৰ সৈতে হাত মিলাইছে ৷ ৭০ শতাংশ কেন্দ্ৰীয় সমিতি সদস্য তেওঁলোকৰ সৈতে আছে বুলি প্ৰচণ্ড-মাধৱ নেপাল গোটে দাবী কৰিছে ৷ আনহাতে এই দাবীক অ’লিয়ে প্ৰত্যাখ্যান কৰি কৈছে যে তেওঁৰ গোট ডাঙৰ আৰু শক্তিশালী ৷
চিপিএনৰ দুয়োটা গোটৰ কোনোটোৰেই সনদত সাধাৰণ সংখ্যাগৰিষ্ঠ চৰকাৰখন গঠন কৰিব পৰাকৈ সংখ্যা গৰিষ্ঠতা নাই ৷ সেই কাৰণেই অ’লি আৰু প্ৰচণ্ড-মাধৱ দুয়ো গোটে বিপক্ষ নেপালী কংগ্ৰেছৰ নেতা শ্বেৰ বাহাদুৰ দেওবাৰ সৈতে লগ হৈ সন্তোষজনক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে তেওঁক প্ৰলোভিত কৰাৰ চেষ্টা কৰি আছে ৷ যিহেতু নিৰ্ভৰযোগ্য সহযোগীৰ সন্ধান অব্যাহত আছে ৷ তেনেস্থলত আন আন ৰাজনৈতিক শক্তি যেনে প্ৰাক্তন মাওবাদী নেতা বাবুৰাম ভট্টৰাইৰ দল জনতা সমাজবাদী দলেও হঠাতে প্ৰাধান্যতা পাবলৈ ধৰিছে ৷ নতুন চৰকাৰখনৰ প্ৰমুখ, আকৃতি আৰু প্ৰকৃতিৰ পূৰ্বেই অনাগত দুসপ্তাহ নেপালৰ বাবে গুৰুত্বপূৰ্ণ হ’ব ৷
হয়তো প্ৰচণ্ডও হ’ব পাৰে নাইবা দেওবাও হ’ব পাৰে নতুবা পুনৰ অ’লিও হ’ব পাৰে…নেপালক এই বৈতৰণী পাৰ কৰাব কোনে !
-সুৰেন্দ্ৰ ফুয়াল
(নেপাল, কাঠমাণ্ডুস্থিত সুৰেন্দ্ৰ ফুয়াল এগৰাকী স্বতন্ত্ৰ সাংবাদিক)