ETV Bharat / international

ম্যানমাৰ নিৰ্বাচন আৰু চু ক্যীৰ বিজয় সন্দৰ্ভত কিছু দৃষ্টি - ম্যানমাৰ নিৰ্বাচন বাতৰি

২০১৫ চনৰ নিৰ্বাচনত ম্যানমাৰত প্ৰায় পাঁচ দশকজোৰা মিলিটেৰী শাসনৰ অন্তত এন এল ডিৰ ঐতিহাসিক বিজয় লাভ কৰে । উক্ত ভোটগ্ৰহণ সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা যদিও এটি ক্ষেত্ৰত ব্যতিক্ৰম । ২০০৮ বৰ্ষৰ সেনাই খচৰা প্ৰস্তুত কৰা সংবিধান অনুসৰি সদনৰ ২৫% আসন সেনাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে ।

a-look-at-myanmars-election-and-suu-kyis-expected-victory
ম্যানমাৰ নিৰ্বাচন
author img

By

Published : Nov 7, 2020, 7:01 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক: দেওবাৰে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। এই নিৰ্বাচনত শান্তিৰ নোবেল বঁটা প্ৰাপ্ত আউং চেন চু ক্যিৰ ‘নেশ্যনেল লিগ ফৰ ডেমক্ৰেছি’ দলে পুনৰ শাসনভাৰ লাভ কৰাৰ আশা ব্যক্ত কৰিছে । দেশখনৰ ৫৬ মিলিয়ন জনসংখ্যাৰ ৩৭ মিলিয়ন লোকে ভোটদানৰ বাবে উপযুক্ত। আনহাতে দেশখনৰ ৯০ টাতকৈয়ো অধিক দলে উচ্চ আৰু নিম্ন সদনৰ বাবে নিজ নিজ প্ৰাৰ্থীক নিৰ্বাচনী প্ৰতিদ্বন্দিতাত আগবঢ়াইছে।

a-look-at-myanmars-election-and-suu-kyis-expected-victory
ম্যানমাৰ নিৰ্বাচন

২০১৫ চনৰ নিৰ্বাচনত এন এল ডিৰ ঐতিহাসিক বিজয় প্ৰায় পাঁচ দশকজোৰা মিলিটেৰী শাসনৰ অন্তত লাভ কৰা এক বিজয়। এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা যদিও এটি ক্ষেত্ৰত ব্যতিক্ৰম । ২০০৮ বৰ্ষৰ সেনাই খচৰা প্ৰস্তুত কৰা সংবিধান অনুসৰি সদনৰ ২৫% আসন সেনাৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে।

চলিত বৰ্ষত মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে নিৰ্বাচনৰ বাবে কিছু নিৰ্দিষ্ট নীতি নিয়ম বান্ধি দিয়া হৈছে। চু ক্যিৰ দলে পুনৰ জয়লাভ কৰাৰ সম্ভাৱনা প্ৰৱল যদিও দলটোৰ সংখ্যাগৰিষ্ঠতা কিছু হ্ৰাস পাব। ম্যানমাৰত বৰ্তমান সময়লৈ চু ক্যি আটাইতকৈ জনপ্ৰিয় ৰাজনীতিক। যদিও কিছু কিছু ক্ষেত্রত দলটোৱে নিজৰ স্বৈৰাচাৰী নীতিৰ বাবে সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে ।

এইবেলি চু ক্যিৰ দলে নিৰ্বাচনত বহু কেইটা ক্ষুদ্র জাতীয় দলৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছে। এই দলসমূহ ৰাষ্ট্ৰসমূহৰ সীমামূৰীয়া অঞ্চলসমূহত যথেষ্ট জনপ্ৰিয়। ২০১৫ বৰ্ষৰ নিৰ্বাচনত এই দলসমূহে এন এল ডিৰ সৈতে মিত্ৰতা আগবঢ়াইছিল ।

ৰাষ্ট্ৰখনত প্ৰায় ৬০ টা ক্ষুদ্ৰ জাতীয় দল আছে। ইয়াৰ ভিতৰত এন এল ডিৰ প্ৰধান বিৰোধী দল হ'ল ইউ এচ ডি পি। ইউ এচ ডি পি দলটো সু-শাসিত তথা বিত্তীয়ভাৱে এক শক্তিশালী দল । যদিও জনসাধাৰণে দলটোক ইয়াৰ পূৰ্বৰ সামৰিক চিন্তাধাৰা তথা শাসন প্ৰণালীৰ বাবে বিশ্বাসত ল'বলৈ কিছু সংকোচ বোধ কৰিছে, সেইটো এই পৰ্যন্ত স্পষ্ট হৈ পৰা নাই।

উল্লেখ্য যে, যিসমূহ অঞ্চলত চৰকাৰক সমালোচনা কৰা জাতীয় দলসমূহৰ জয় প্ৰায় নিশ্চিত আছিল সেই অঞ্চলসমূহত নিৰ্বাচনী আয়োগে নিৰ্বাচন বাতিল কৰা কাৰ্যই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। এই সিদ্ধান্তৰ ফলত প্ৰায় ১ মিলিয়ন নাগৰিকে ভোটদানৰ পৰা বিৰত থাকিবলগীয়া হৈছে ।

এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে শাসকীয় দলৰ সৈতে বুজাবুজি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই বিষয়টোৱে অন্যান্য বিশ্বব্যাপী চৰ্চিত বিষয় যেনে, ৰহিংগীয়া মুছলমানৰ ওপৰত অত্যাচাৰ, মুছলিম বিৰোধী ৰাজনীতি আদিৰ দৰে ঘটনাই বিশ্বৰ ধ্যান আকৰ্ষণ নকৰে বুলিও মন্তব্য কৰে সমালোচকে।

লগতে পঢ়কঃভাৰতীয় সেনাৰ কলকাতাৰ ইন্টেলিজেঞ্চৰ খবৰ ভিত্তিতে তেজপুৰত গ্ৰেপ্তাৰ NSCN কেডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.