ETV Bharat / international

ভয়ংকৰ শিলাবৃষ্টিয়ে বাংলাদেশত প্ৰাণ কাঢ়িলে আঠ জনৰ - বাংলাদেশত ভয়ংকৰ শিলাবৃষ্টি

বাংলাদেশত ভয়ংকৰ শিলাবৃষ্টি ৷ শিলাবৃষ্টিৰ ফলত তিনিগৰাকী মহিলাৰ সৈতে কমেও আঠ গৰাকী লোকৰ গছৰ তলত সোমাই মৃত্যু ৷ nor'westers নামৰ শিলাবৃষ্টিয়ে গাইবন্ধা জিলাৰ ফুলচাৰি, পলাশবাৰী আৰু সুন্দৰগঞ্জ আদি বিভিন্ন স্থানত ধ্বংসলীলা চলায় ৷

8 killed in violent thunderstorms in Bangladesh
ভয়ংকৰ শিলাবৃষ্টিয়ে বাংলাদেশত প্ৰাণ কাঢ়িলে আঠ জনৰ
author img

By

Published : Apr 5, 2021, 1:01 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 5 এপ্ৰিল: বাংলাদেশত সংঘটিত ভয়ংকৰ শিলাবৃষ্টিৰ ফলত গাইবন্ধা জিলাত তিনিগৰাকী মহিলাৰ সৈতে কমেও আঠ গৰাকী লোক গছৰ তলত সোমাই পৰে ৷ তীব্ৰ বতাহ আৰু বৰষুণৰ সৈতে অহা nor'westers নামৰ শিলাবৃষ্টিয়ে দেশখনৰ উত্তৰ আৰু পশ্চিম প্ৰান্তৰ লগতে কেন্দ্ৰীয় অঞ্চল তচনচ কৰি পেলায় ৷

সূৰ্যাস্তৰ প্ৰায় আগমুহূৰ্তত জিলাখনৰ ফুলচাৰি, পলাশবাৰী আৰু সুন্দৰগঞ্জ আদি বিভিন্ন স্থানত সংঘটিত পৃথক ঘটনাত এই আঠ গৰাকী লোকে মৃত্যুক সাৱটি লয় ৷

নিহত লোক কেইগৰাকীৰ ভিতৰত পাঁচ গৰাকী লোকক চিনাক্ত কৰা হৈছে ৷ চিনাক্ত হোৱা লোক কেইগৰাকী হ'ল ক্ৰমে ষিমুলী বেগম (25), আব্দুল গফৰ (42), হাফিজ উদ্দিন (44), জাহানাৰা বেগম(50) আৰু মইনা বেগম (60) ৷ নিহত আটাইকেইগৰাকী গাইবন্ধাৰ বুলি জানিব পৰা গৈছে ৷

গাইবন্ধাৰ উপায়ুক্ত আব্দুল মাটিনে স্থানীয় সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, এক বিধ্বংসী ধুমুহাই শিপাৰে সৈতে গছ সমূহ উভালি ঘৰ আৰু শস্য পথাৰ আদি ধ্বংস কৰাৰ লগতে বহুকেইটা জীৱন কাঢ়ি নিয়ে ৷

উপায়ুক্ত গৰাকীয়ে তেওঁৰ জিলাত বৰ্তমানলৈকে আঠ গৰাকী লোকৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে ৷ ঢাকা চিকিৎসা মহাবিদ্যালয়ৰ সূত্ৰই জানিবলৈ দিয়া মতে ধুমুহা শিলাবৃষ্টিৰ সময়তে ইটাৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ এটি চাৰি বছৰীয়া শিশু আৰু এগৰাকী 35 বৰ্ষীয় ৰিক্সাচালকো আঘাতপ্ৰাপ্ত হয় ৷

বাংলাদেশ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে, আবেলি 4 বজাৰ পৰা 6 বজাৰ ভিতৰত norwesters এ ৰাজচাহি, নাট'ৰ, চিৰাগঞ্জ, বগোৰা, টাংগাইল, মৈমনসিংহ, মেহেৰপুৰ, কুশিতা, ৰাজবাৰী, ফৰিদপুৰ আদি জিলা তচনচ কৰি থৈ যায় ৷

লগতে পঢ়ক: কৰ্ণাটকত জিলেটিন ষ্টিক বিস্ফোৰণ : এজন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.