ETV Bharat / international

বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক

author img

By

Published : Jan 30, 2021, 8:21 PM IST

আফগানিস্তানৰ এটা সৈনিকৰ ঘাটিৰ সমীপত সন্ত্ৰাসবাদীয়ে বোমা ভৰ্তি বাহন বিস্ফোৰণ কৰাৰ ফলত প্ৰায় ৮ জনকৈ সৈনিক নিহত হয় ।

বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক
বোমা বিস্ফোৰণত নিহত ৮ জন আফগান সৈনিক

নিউজ ডেস্ক , ৩০ জানুৱাৰী : শনিবাৰে আফগানিস্তানৰ নাংগাৰহাৰ প্ৰদেশৰ এটা সামৰিক ঘাটিৰ সমীপত বোমা বিস্ফোৰণত নিহত হয় ৮ জনকৈ আফগান সৈনিক । প্ৰদেশৰ চৰকাৰে প্ৰকাশ কৰা বিবৃতি মতে সন্ত্ৰাসবাদীয়ে পুৱা শিৰজাদ জিলাৰ গান্দুমাক অঞ্চলত বিস্ফোৰক ভৰ্তি বাহনেৰে সামৰিক ঘাটিত বিস্ফোৰণ কৰাত নিহত হয় সৈনিক কেইজনৰ । ইতিমধ্য়ে তালিবানে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে ।

সন্ত্ৰাসবাদী সংগঠনটোৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এক বিবৃতিযোগে দাবী কৰে যে সংগঠনটোৰ মুল্লাহ মহম্মদ য়ুছুফ কানধাৰীয়ে এই আত্মঘাটি বোমাটো বিস্ফোৰণ কৰিছিল য'ত নিহত হোৱাৰ লগতে ৫০ জনকৈ সৈনিক আহত হয় । অৱশ্য়ে সন্ত্ৰাসবাদী সংগঠনটোৰ দাবী এতিয়াও নিশ্চিত হোৱা নাই ।

লগতে পঢ়ক :আমেৰিকাৰ সৈতে পাৰমাণিক চুক্তি সম্প্ৰসাৰণত স্বাক্ষৰ পুটিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.