নিউজ ডেস্ক, 4 জুনঃ বৃহস্পতিবাৰে আবেলি 3.49 বজাত ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়াত 6.8 প্ৰৱল্যৰ ভূমিকম্পই জোঁকাৰি যায় । অৱশ্যে এই ভূমিকম্পৰ পাচত চুনামীৰ কোনো ইংগিত প্ৰদান কৰা নাই দেশখনৰ বতৰ বিজ্ঞানী তথা ভূ-বিজ্ঞানী সকলে ।
ভূমিকম্পটোৰ মাপনি আনুষ্ঠানিক ভাৱে 6.8 বুলি উল্লেখ কৰাৰ পূৰ্বে ইয়াৰ তীব্ৰতা 7.1 আছিল বুলি দাবী কৰে বতৰ বিজ্ঞানৰ এজেঞ্চী এটাই ।
এই জোঁকাৰণিৰ উৎস স্থল আছিল পালুৱা মাৰটাই জিলাৰ ডাৰুবা গাঁৱৰ 89 কিমি উত্তৰ পশ্চিমত । সাগৰ পৃষ্ঠৰ পৰা 112 কিঃমিঃ তলত সৃষ্টি হৈছিল এই ভূমিকম্পৰ ।
লগতে চাওকঃ জৰ্জ ফ্লোয়েডৰ মৃত্যু: প্ৰতিবাদত কঁপিল লজ এঞ্জেলছৰ চিটী হল