ইন্টাৰনেশ্যনেল ডেস্ক, 10 মে' : পুনৰ 18 জনকৈ আফগান প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃতদেহ লাভ কৰা হ'ল আফগানিস্তান আৰু ইৰান সীমান্তৰ এখন নদীত ৷ ইয়াৰ পূৰ্বেও বহুকেইজন আফগান প্ৰব্ৰজনকাৰী শ্ৰমিকক ইৰানৰ সীমান্তৰক্ষীয়ে পানীত পেলাই হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল ৷ বৰ্তমানলৈকে 34 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে ৷
আফগানিস্তানৰ এজন শীৰ্ষ বিষয়াই কয় যে, ঘটনা সম্পৰ্কত আফগান প্ৰতিনিধিৰ দলে গুলৰান জিলাত তদন্ত আৰম্ভ কৰিছে ৷ কাবুলস্থিত বৈদেশিক মন্ত্ৰণালয়ে মন্তব্য কৰে যে, যোৱা সপ্তাহত হেৰাট হৈ ইৰানত প্ৰৱেশৰ চেষ্টা কৰা প্ৰায় 70 আফগান শ্ৰমিকক প্ৰহাৰ কৰাৰ লগতে হাৰিৰুড নদীত পেলাই দিয়া হয় ৷
উল্লেখ্য় এই নদীখন আফগানিস্তান, ইৰান আৰু তুৰ্কমেনিস্তানৰ সীমান্তইদি বৈ গৈছে ৷ যোৱা সপ্তাহত এজন আফগান বিষয়াই কৈছিল যে, প্ৰায় 16 জন আফগান নাগৰিকক উদ্ধাৰ কৰা হৈছিল যদিও 18-20 জন সন্ধানহীন হৈ আছিল ৷
7 মে'ত মাইক পম্পিঅ'ই মন্তব্য কৰিছিল যে, এই তথ্য় লাভ কৰি তেওঁ আচৰিত হৈ পৰিছে আৰু আফগান চৰকাৰক পূৰ্ণ তদন্ত আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ৷ কিন্তু, ইৰানে এই অভিযোগ খণ্ডন কৰি কয় যে, কোনো দুষ্ট চক্ৰই কাবুল-তেহৰানৰ সম্পৰ্ক বিনষ্ট কৰাৰ অভিসন্ধি কৰিছে ৷