ETV Bharat / international

আফগান বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইক, নিহত ১৪ তালিবানী সন্ত্ৰাসবাদী

author img

By

Published : Jun 22, 2021, 9:01 PM IST

সোমবাৰে নিশা আফগান বায়ু সেনাই (Afghan air force) দেশখনৰ উত্তৰ প্ৰদেশ চামাংগনত এটা গোপন স্থানক লক্ষ্য কৰি আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ পিছত ১৪ জন তালিবান সন্ত্ৰাসবাদী নিহত হয় ।

Taliban terrorists
আফগান বায়ু সেনাৰ এয়াৰ ষ্ট্ৰাইক

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ জুন: আফগানত তালিবানী সন্ত্ৰাসবাদীৰ (Taliban militants) বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত আছে । বিভিন্ন সময়ত তালিবানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি সফলতা লাভ কৰে আফগান সেনাই । এইবাৰ পুনৰ এক সফল অভিযান আফগান বায়ু সেনাৰ । দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (Defense Ministry) মঙলবাৰে নিশ্চিত কৰা মতে সোমবাৰে নিশা আফগান বায়ু সেনাই (Afghan air force) দেশখনৰ উত্তৰ প্ৰদেশ চামাংগনত এটা গোপন স্থানক লক্ষ্য কৰি আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ পিছত ১৪ জন তালিবান সন্ত্ৰাসবাদী নিহত হয় ।

মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰা মতে ফিৰোজ নাখচিৰ উপনগৰ জিলাৰ কুশমাল গাঁৱত সংঘটিত এই আক্ৰমণত তালিবানৰ এক গোপন স্থান, পাঁচটা ৰকেট চালিত গ্ৰেনেড লঞ্চাৰ (grenade launchers), দুটা গধুৰ বন্দুক (heavy gun) আৰু সাতটা এছল্ট ৰাইফলও (assault rifles) ধ্বংস হয় । শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ বাহিনী আফগানিস্তানৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছিল । ইয়াৰ সুযোগ গ্ৰহণ কৰা দেখা গৈছে তালিবানী সন্ত্ৰাসবাদীয়ে । ইতিমধ্যে চৰকাৰী পক্ষৰ বিৰুদ্ধে কেইবা ঠাইতো তালিবানী সন্ত্ৰাসবাদী বিভিন্ন ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ আৰম্ভ কৰিছে ।

আনকি তালিবানে দাবী কৰা মতে যোৱা মাহত তালিবানীয়ে ৪০ খনতকৈ অধিক উপনগৰীয় জিলা দখল কৰিছে । সন্ত্ৰাসবাদী সংগঠনটোৰ এনে কাৰ্যকলাপ ৰোধ কৰিবলৈয়ে অভিযান আৰম্ভ কৰিছে আফগান সেনাই । সেনাৰ এই অভিযানৰ ফলস্বৰূপে সোমবাৰে নিশা তালিবানীৰ গোপন স্থানত আক্ৰমণ কৰে আফগান বায়ু সেনাই ।

লগতে পঢ়ক:টাইৱান দ্বীপত পুনৰ চীন দেশৰ যুদ্ধ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.