ইন্টাৰনেশ্যনেল ডেস্ক, 31 অক্টোবৰ : পাকিস্তানৰ কৰাছীত এগৰাকী 13 বছৰীয়া কিশোৰীক অপহৰণ কৰি ইছলামলৈ ধৰ্মান্তৰিত কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ আৰ্জু ৰাজা নামৰ কিশোৰীগৰাকীক 44 বৰ্ষীয় আলি আজগৰ এজন লোকে বলপূৰ্বক ধৰ্মান্তৰিত কৰে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাচতে বহু মানৱ অধিকাৰ সংস্থাই ন্যায়ৰ দাবী জনাইছে ৷
আৰ্জুক ইছলামলৈ ধৰ্মান্তৰিত কৰি বিবাহপাশত আৱদ্ধ কৰে অপহৰণকাৰী আলি আজগৰে ৷
Human Rights Focus Pakistan (HRFP) ৰ অধ্যক্ষ নভিদ ৱাল্টাৰে কয়, "যুৱতীগৰাকীক একেদিনাই অপহৰণ, ধৰ্মান্তৰিত কৰি বিবাহ কৰাৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ আহিছে আৰু আৰ্জুৰ সৈতেও একে ঘটনা সংঘটিত হয় ৷"
সিন্ধ উচ্চ ন্যায়ালয়ত জমা কৰা প্ৰ-পত্ৰত আৰ্জুৰ বয়স সলনি কৰি 18 বছৰ কৰাৰ লগতে নিজ ইচ্ছাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰি বিবাহপাশত বহা বুলি উল্লেখ কৰা হৈছে ৷ আৰ্জুৰ মাতৃ ৰিতাই জানিবলৈ দিয়া অনুসৰি, প্ৰ-পত্ৰত আৰ্জুৰ ফটোখনো সলনি কৰি দিয়া হৈছে ৷
আৰ্জু বিবাহপাশত আৱদ্ধ হ'ব পৰা বয়স হোৱা বুলি মন্তব্য কৰা আদালতৰ বিচাৰকগৰাকীৰ কঠোৰ সমালোচনা কৰে লণ্ডনস্থিত অনিলা গুলজাৰ, পাকিস্তানৰ সংখ্যালঘূৰ ন্যায় (Justice for Minorities in Pakistan) নামৰ সংস্থাৰ মুখপাত্ৰগৰাকীয়ে ৷
লগতে পঢ়ক : বিজেপি চৰকাৰে কৃষকৰ বাবে একো কৰা নাইঃ শচীন পাইলট