ETV Bharat / international

মধ্য চীনত গেছ পাইপ বিস্ফোৰণ : ১২ জন নিহত - ছচিয়েল মিডিয়া

মধ্য চীনৰ হুবেই প্ৰদেশৰ চিয়ান চহৰৰ ঝাংৱান জিলাত ভয়ংকৰ গেছ পাইপ বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণত ১২ জন লোক নিহত আৰু আহত ১৩৮ জনকৈ লোক ৷ দুৰ্ঘটনাটোৰ উদ্ধাৰ অভিযান চলি থকাৰ সমান্তৰালভাৱে অনুসন্ধান অব্যাহত আছে ৷

12-killed-several-injured-in-gas-explosion-in-central-china
মধ্য চীনত গেছ পাইপ বিস্ফোৰণ: ১২ জন নিহত
author img

By

Published : Jun 13, 2021, 11:10 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক : দেওবাৰে পুৱা প্ৰায় ৬:৩০ বজাত মধ্য চীনৰ হুবেই প্ৰদেশৰ চিয়ান চহৰৰ ঝাংৱান জিলাত সংঘটিত হৈছে ভয়ংকৰ গেছ পাইপ বিস্ফোৰণৰ ঘটনা ৷ চীনৰ ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি এই বৃহৎ গেছ বিস্ফোৰণত কমেও ১২ জন লোক নিহত হোৱাৰ উপৰিও আহত হয় ১৩৮ জনকৈ লোক ৷ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলি থকাৰ বাবে হতাহতৰ সংখ্যা এতিয়াও পৰীক্ষা কৰা হৈ আছে ।

স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, ধ্বংসাৱশেষৰ পৰা মুঠ ১৫০ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু আহতসকলক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে তাত থকা এখন ৱেট মাৰ্কেট (wet market) নিমীষতে ধ্বংস হৈ পৰে ৷ উক্ত বিস্ফোৰণটোৰ ফলত অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলক যথেষ্ট প্ৰভাৱিত কৰিছিল । স্থানীয় বাসিন্দা এজনে এটা সংবাদ সংস্থাক কয় যে, প্ৰচণ্ড শব্দটো শুনি তেওঁ ভয় খাইছিল আৰু ভূমিকম্প বুলি ভাবি মেজৰ তলত সোমাই পৰিছিল ৷

ঘটনাস্থলীৰ পৰা অহা ছবিবোৰ ইতিমধ্যে ছচিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে য'ত উদ্ধাৰকাৰী কৰ্মীসকলক কমলা জাম্পচুট পিন্ধি সমতল ঘৰবোৰৰ ধ্বংসাৱশেষৰ মাজেৰে কাম কৰা দেখা গৈছে । মহানগৰ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দূৰ্ঘটনাটোৰ উদ্ধাৰ অভিযান চলি থকাৰ সমান্তৰালভাৱে অধিক তথ্যৰ অপেক্ষাত অনুসন্ধান অব্যাহত আছে ৷

লগতে পঢ়ক: Microfinance ৰ ঋণ ৰেহাইৰ দাবীত লাহোৱালত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.