ETV Bharat / international

আমেৰিকাক নহয়, ভাৰত, চীনকহে উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে গণ্য কৰিলে WTO এ : ট্ৰাম্প - বিশ্ব বাণিজ্য সংস্থা

ভাৰত আৰু চীনক WTO এ উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিলেও আমেৰিকাক নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ট্ৰাম্পে ৷ আমেৰিকাৰ প্ৰতি WTO এ যথোচিত ব্যৱহাৰ নকৰিলে বুলি কয় ট্ৰাম্পে ৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি
ড'নাল্ড ট্ৰাম্প
author img

By

Published : Jan 23, 2020, 6:17 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 23 জানুৱাৰী : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে বুধবাৰে অভিযোগ উত্থাপন কৰি কয় যে, বিশ্ব বাণিজ্য সংস্থায়ে (WTO) তেওঁৰ ৰাষ্ট্ৰক 'যথোচিত ব্যৱহাৰ' নকৰিলে ৷ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে চীন আৰু ভাৰতক উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে গণ্য কৰিলেও আমেৰিকাক নকৰিলে বুলি অভিযোগ কৰে ট্ৰাম্পে ৷

সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে কয়, "মই যিমান জানো, আমিও এখন উন্নয়নশীল দেশ ৷ তেওঁলোকক উন্নয়নশীল বুলি গণ্য কৰা হ'ল কিন্তু আমাক নহ'ল ৷ তেওঁলোকো হ'ব নালাগিছিল ৷ আৰু যদি তেওঁলোক হয় তেন্তে আমিও হয় ৷ এই সম্পৰ্কত আমি সম্পূৰ্ণ নতুনকৈ চিন্তা কৰিছো আৰু আমি কোনো উপায় বিচাৰি উলিয়াব লাগিব ৷"

লগতে তেওঁ কয়, "WTO এ বহু বছৰ ধৰি আমেৰিকাক 'যথোচিত ব্যৱহাৰ' কৰা নাই ৷ আমেৰিকাৰ অবিহনে চীন কেতিয়াও চীন নহ'লহেঁতেন, আৰু আজিৰ স্থানত চীন নাথাকিলহেঁতেন ৷"

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে তেওঁৰ নিৰ্বাচনৰ পাচত 7 মিলিয়ন নতুন চাকৰি মুকলি হৈছে ৷

আৰু পঢ়ক : ডোনাল্ড ট্ৰাম্প আৰু ইমৰাণ খানৰ মাজৰ বৈঠকত স্থান নাপালে কাশ্মীৰ সমস্যাই

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.