ETV Bharat / international

ময়েই শেষগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহওঁ : কমলা হেৰিছ - আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচতেই নিজৰ শক্তিশালী অনুপ্ৰেৰণামূলক ভাষণত মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰে হেৰিছে ৷ আমেৰিকাৰ হোৱাইট হাউছত দ্বিতীয় সৰ্বোচ্ছ পদত অধিস্থিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা যদিও তেৱেঁই শেষৰগৰাকী নহয় বুলি কয় ৷

ময়েই শেষগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহওঁ : কমলা হেৰিছ

author img

By

Published : Nov 8, 2020, 11:20 AM IST

নিউজ ডেস্ক, 8 নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম গৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচতেই কমলা হেৰিছে কয় যে, তেওঁ যদিও প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি, কিন্তু এয়াই শেষ নহয় ৷

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচত আমেৰিকাৰ জনতাক সম্বোধন কৰা প্ৰথমখন সভাত হেৰিছে কয় যে, "মই এই কাৰ্য্যালয়ত প্ৰথমগৰাকী মহিলা হ'লেও শেষৰগৰাকী নহওঁ ৷ কাৰণ আজি নিশা এই অনুষ্ঠান উপভোগ কৰি থকা প্ৰতিগৰাকী কন্যা শিশুৱে এই দেশখনক সম্ভাৱনাৰ দেশ হিচাপে লক্ষ্য কৰে আৰু আৰু আমাৰ দেশে লিংগ বৈষ্যমক এৰাই এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে -- মহত্বকাংক্ষাৰে পূৰ্ণ সপোন, দৃঢ়বিশ্বাসেৰে নেতৃত্ব আৰু পূৰ্বেই নেদেখাটোৰ বাবে এতিয়া নিজকে অন্যধৰণে লক্ষ্য কৰিবলৈ পথ বিচাৰি পাইছে ৷ আমি প্ৰতিটো খোজতেই তোমালোকক উৎসাহ প্ৰদান কৰিব যাম ৷"

ময়েই শেষগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহওঁ : কমলা হেৰিছ

নিজ মাতৃ শ্যামালন গোপালন হেৰিছক সোঁৱৰণ কৰি তেওঁ আজিৰ এই মুহূৰ্তৰ কথা ভৱা নাছিল যদিও আমেৰিকাক বিশ্বাস কৰিছিল বুলি কয় কমলা হেৰিছে ৷ হেৰিছে কয় "মই তেওঁৰ বিষয়ে, মহিলাসকলৰ প্ৰজন্মৰ বিষয়ে, কৃষ্ণাংগ মহিলা, এছিয়ান, লেটিনা, নেটিভ আমেৰিকান মহিলা, যিয়ে আজিৰ এই মুহূৰ্তত উপস্থিত হোৱাত সফলতা পাইছে মই সকলোৰে প্ৰতি কৃতজ্ঞ ৷ কৃষ্ণাংগ মহিলাসকলকে ধৰি সকলোৰে প্ৰতি ন্যায় আৰু সমতা স্থাপনৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিল যদিও তেওঁলোকক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল কিন্তু তেওঁলোক আমাৰ গণতন্ত্ৰৰ ৰাজহাড়, তেওঁলোকে আজিৰ এই সময় সফল কৰি তুলিছে ৷" মহিলাসকলে নিজৰ মৌলিক অধিকাৰ ৰক্ষা কৰি ভোটদান কৰাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰে কমলা হেৰিছে ৷

লগতে পঢ়ক : আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.