ETV Bharat / international

প্ৰতিদিনে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিম : ট্ৰাম্প - ড'নাল্ড ট্ৰাম্পৰ এজন প্ৰতিৰক্ষা সহযোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত

ড'নাল্ড ট্ৰাম্পৰ এজন প্ৰতিৰক্ষা সহযোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৷ ইয়াৰ পাচতে প্ৰতিদিনে কৰ'ণা ভাইৰাছ পৰীক্ষণ কৰিব বুলি প্ৰকাশ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৷

ট্ৰাম্পৰ প্ৰতিৰক্ষা সহযোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত
প্ৰতিদিনে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিম : ট্ৰাম্প
author img

By

Published : May 8, 2020, 11:47 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰতিৰক্ষা সহযোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত ট্ৰাম্পে মন্তব্য কৰিছে যে, তেওঁ প্ৰতিদিনে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰিব ৷ প্ৰতিৰক্ষা সহযোগীজনৰ সৈতে অতি কম সংস্পৰ্শলৈ অহা বুলি মন্তব্য কৰে ট্ৰাম্পে ৷

হোৱাইট হাউচত সাংবাদিকক ট্ৰাম্পে কয়, "প্ৰতিৰক্ষা সহযোগীজনৰ সৈতে মই কম সময়ৰ বাবেহে সংস্পৰ্শলৈ আহিছো ৷ তেওঁক মই জানো ৷ এজন ভাল মানুহ ৷ উপ-ৰাষ্ট্ৰপতি মাইকো প্ৰতিৰক্ষা সহযোগীজনৰ সৈতে অতি কম সংস্পৰ্শলৈ আহিছে ৷"

এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ট্ৰাম্পে কয় যে, তেওঁ, উপ-ৰাষ্ট্ৰপতি আৰু অন্যান্য কৰ্মচাৰীসকলে প্ৰতিদিনে কৰ'ণা ভাইৰাছৰ পৰীক্ষণ কৰিব ৷

ট্ৰাম্পে কয়, "মই পৰীক্ষণ কৰি উঠিছো ৷ কালি এবাৰ আৰু আজি এবাৰ পৰীক্ষা কৰিছো ৷ আৰু পৰীক্ষাৰ ফলাফল নেগেটিভ ৷ মাইকেও পৰীক্ষা কৰিছে আৰু নেগেটিভ পোৱা গৈছে ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.