নিউজ ডেস্ক, 23 এপ্ৰিলঃ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে মিলিত হৈ "টুগেদাৰ এট্ হোম"শীৰ্ষক ষ্টীকাৰ প্ৰস্তুত কৰিবলৈ লৈছে WhatsAppয়ে । ষ্টীকাৰ সমূহৰ জৰিয়তে কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত মানুহৰ আৱেগ আৰু এই কঠিন সময়খিনিক প্ৰকাশ কৰা হ'ব । শূণ্যত প্ৰদান কৰা 'হাই ফাইভ', স্বাস্থ্য কৰ্মী সকলৰ উদযাপন, প্ৰিয়জনৰ প্ৰতি মৰম, ইত্যাদি প্ৰকাশ কৰিব পৰাকে প্ৰস্তুত কৰা হ'ব ষ্টীকাৰ সমূহ । WhatsApp ৰ ফালৰ পৰা টুইটাৰ যোগে অৱগত কৰে এই কথা ।
"টুগেদাৰ এট্ হোম" ষ্টীকাৰ পেক্ কেৱল WhatsAppতেই উপলব্ধ হ'ব আৰু 10 টা ভাষাত পোৱা যাব । আৰবিক, ফ্ৰেন্স, জাৰ্মান, হিন্দী, ইণ্ডোনেচীয়ান, ইটালিয়ান, পৰ্টুগীজ, ৰাছিয়ান, স্পেনীছ আৰু টুৰ্কীজ ভাষাত প্ৰস্তত কৰা হ'ব ষ্টীকাৰ সমূহ ।
আনহাতে মহামাৰীৰ জটিল সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰিবলৈ অধিক আগ্ৰহী হৈ থকা বুলি WhatsAppৰ ফালৰ পৰা কোৱা হৈছে । বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত প্ৰস্তুত কৰিবলগীয়া ষ্টীকাৰ সমূহে আমোদ দিয়াৰ লগতে, সামাজিক দূৰত্ব, সঘনাই হাত ধোৱা, কচৰৎ কৰা ইত্যাদি ক্ষেত্ৰত নিজৰ সৃষ্টিশীলতাৰে সচেতনতা বঢ়াব বুলি আশা প্ৰতিষ্ঠানটোৰ ।