ETV Bharat / international

আমেৰিকা আৰু ইৰাণৰ মাজত নতুন যুদ্ধ এতিয়া ভাইৰাছ

author img

By

Published : Apr 15, 2020, 4:34 PM IST

যুদ্ধৰ দামামা বজা দুয়োখন দেশেই স্তব্ধ হ'বলগীয়া হৈছে বৰ্তমান সময়ত । ইৰাণ-আমেৰিকা দুয়োখন দেশেই যুঁজিছে অদৃশ্য শত্ৰুৰ বিৰুদ্ধে

আমেৰিকা আৰু ইৰাণৰ মাজত নতুন যুদ্ধ এতিয়া ভাইৰাচ

নিউজ ডেস্ক, 15 এপ্ৰিলঃ আমেৰকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণ দুয়োখন দেশেই বৰ্তমান একেটা অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুঁজ দি আছে । বৰ্তমান স্থগিত কৰিবলগীয়া হৈছে ইৰাণে আমেৰিকাৰ বিৰুদ্ধে ল'বলৈ ওলোৱা প্ৰতিশোধমূলক ব্যৱস্থা ।

বৰ্তমান কৰ'ণা ভাইৰাছৰ বাবে আমেৰিকাৰো অৱস্থা তেনেই শোচনীয় হৈছে । তেহৰানে COVID-19 ৰ প্ৰসংগটো প্ৰতিফলিত কৰি আমেৰিকাৰ প্ৰতিবন্ধকতাসমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহৰ মত বিচাৰিছে । ইপিনে ইৰাণে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা পাঁচ বিলিয়ন ডলাৰ বিচাৰিছে,যি বিশ্ব শক্তিৰ 2015 চুক্তিৰ সীমাৰ বাহিৰত ।

2018 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইছলামিক ৰাষ্ট্ৰক সহায় নকৰাৰ সিদ্ধান্ত লৈছিল । এই ক্ষেত্ৰত মানৱ অধিকাৰ সংগঠন সমূহেও কয় যে,ৱাছিংটনৰ প্ৰতিবন্ধকতাই বাণিজ্যকো বাধা প্ৰদান কৰিছে ।

এই সময়ত আমেৰিকাই ইৰাকী সেনা চাউনীৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে । লগতে ট্ৰাম্পে কয় যে,তেওঁলোকৰ বিৰুদ্ধে ইৰাণে গোপনে পূৰ্ব-পৰিলকল্পিতভাৱে আক্ৰমণৰ যো-জা কৰিছে ।

জানুৱাৰীত ইৰাকৰ সেনা প্ৰধান কাচিমান চুলেমানিক হত্যা কৰাৰ পাচত দুয়ো ৰাষ্ট্ৰৰ মাজত প্ৰত্যক্ষ যুদ্ধাত্মক পৰিৱেশৰ সৃষ্টি হৈছিল । কিন্তু দুয়োখন দেশকেই বৰ্তমান কৰ'ণা ভাইৰাছত জুৰুলা কৰিছে । বিশ্বত প্ৰায় 1.9 মিলিয়ন লোক COVID-19ত আক্ৰান্ত হৈছে আৰু 1,19,000 লোকৰ মৃত্যু হৈছে ।

ইৰাণত থকা আমেৰিকান সৈনিক সমূহকো অঞ্চল পৰিভ্ৰমণ কৰা সলনি ৰোগ সংক্ৰমণ নহ'বলৈ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

লগতে চাওকঃ ৰাজ্যত অধিক কঠোৰ কৰা হ’ব লক ডাউন আইনঃ অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.