ETV Bharat / international

আমেৰিকাৰ ওপৰত ইৰাণৰ চাইবাৰ আক্ৰমণৰ আশংকা?

author img

By

Published : Jan 5, 2020, 3:11 PM IST

ইৰাণে কৰিব পাৰে আমেৰিকাৰ ওপৰত চাইবাৰ আক্ৰমণ ৷ সম্ভাৱনা ব্যক্ত আমেৰিকান সুৰক্ষা বাহিনীৰ ৷

ইৰাণৰ চাইবাৰ আক্ৰমণ
চাইবাৰ আক্ৰমণ

ইন্টাৰনেশ্যনেল ডেস্ক, 5 জানুৱাৰী : আমেৰিকান সুৰক্ষা বাহিনীয়ে (US Department of Homeland Security) সকলো আমেৰিকাবাসীকে চাইবাৰ আক্ৰমণৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা লগতে ইয়াৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৷ আমেৰিকা আৰু ইৰাণৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ ফলত ইৰাণে চাইবাৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে সুৰক্ষা বাহিনীয়ে ৷ চাইবাৰ প্ৰতিৰোধ, সন্দেহজনক ই-মেইল আৰু নেটৱৰ্ক ধীৰ গতিত চলিব পাৰে বুলি সতৰ্ক কৰি দিয়া হৈছে ৷

ইৰাণৰ তৰফৰ পৰা আমেৰিকাক আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে কোনো আক্ৰমণৰ তথ্য লাভ কৰা নাই বুলিও জানিবলৈ দিয়ে আমেৰিকান সুৰক্ষা বাহিনীয়ে ৷ লগতে দাবী কৰে যে, ইৰাণে এক শক্তিশালী চাইবাৰ প্ৰগেম নিজৰ দখলত ৰাখিছে আৰু আমেৰিকাৰ বিৰুদ্ধে ইয়াৰ ব্যৱহাৰ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷

সুৰক্ষা বাহিনীৰ পৰা জানিবলৈ দিয়া হৈছে যে, তেওঁলোকৰ বাহিনীয়ে সকলোবোৰ দিশৰ ওপৰত লক্ষ্য ৰাখিছে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয় ৷

আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইকৰ ফলত ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানিৰ মৃত্যু হোৱাৰ পাচতে ইৰাণ ক্ষুণ্ণ হৈ পৰিছিল আৰু আমেৰিকাৰ ওপৰত প্ৰতিশোধ ল'ব বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল ৷

শনিবাৰে আমেৰিকাৰ বিভিন্ন চহৰ যেনে- ৱাশ্বিংটন ডি.চি., নিউয়ৰ্ক, চিকাগো, ফিলাডেলফিয়া আৰু লছ এঞ্জেলছত যুদ্ধ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৷

আৰু পঢ়ক : ইৰানলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সতৰ্কবাণী

Intro:Body:

Blank

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.