ETV Bharat / international

শান্তি চুক্তি উলংঘা আমেৰিকাৰ: তালিবানৰ দাবী

তালিবানে দাবী অনুসৰি আমেৰিকাই শান্তি চুক্তি উলংঘা কৰিছে ৷ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতো আমেৰিকা আৰু আফগান সৈন্যই 50 বাৰকৈ আক্ৰমণ কৰাৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে ৷

author img

By

Published : Apr 20, 2020, 8:23 PM IST

তালিবানৰ দাবী
শান্তি চুক্তি উলংঘা আমেৰিকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 20 এপ্ৰিল : ফেব্ৰুৱাৰীৰ শেষৰ ফালে স্বাক্ষৰিত হোৱা আমেৰিকা-তালিবান শান্তি চুক্তিৰ পাচতো আমেৰিকা আৰু আফগান সৈন্যবাহিনীয়ে 50 বাৰকৈ আক্ৰমণ কৰাৰ এক তালিকা প্ৰকাশ কৰিছে তালিবানে ৷ ইয়াৰ জৰিয়তে ৱাশ্বিংটনক চুক্তিৰ চৰ্তসমূহ উলংঘা কৰা বুলি অভিযোগ তুলিছে তালিবানে ৷

দেওবাৰে TOLO Newsৰ সৈতে তিনি পৃষ্ঠাৰ এখন ডকুমেন্ট শ্বেয়াৰ কৰি দোহাস্থিত তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ পৰা দাবী কৰা হয় যে,9 মাৰ্চৰ পৰা 10 এপ্ৰিললৈ তালিবানৰ 19 টাকৈ এলেকাত 33 টা ড্ৰ'ন আক্ৰমণ আৰু এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ৷ ইয়াৰোপৰি আছে 9 টাকৈ ৰকেট আৰু মৰ্টাৰ শ্বেল আক্ৰমণ আৰু 8 টাকৈ নিশা আক্ৰমণ ৷ এনে 17 টা আক্ৰমণৰ ফলত তেওঁলোকৰ 35 জন তালিবানে প্ৰাণ হেৰুওৱাৰ লগতে 33 টাকৈ ঘটনাত বিদেশী সৈন্যই 65 জন সাধাৰণ নাগৰিককো হত্যা কৰা বুলি দাবী কৰিছে ৷

প্ৰথমবাৰৰ বাবে তালিবানীসকলে তথ্য সহিতে আমেৰিকাই আক্ৰমণ কৰাৰ দাবী কৰিছে ৷ উল্লেখ্য যে,18 মাহৰ আলোচনাৰ পাচত 29 ফেব্ৰুৱাৰীৰ দিনা দোহাত দুই পক্ষৰ মাজত আমেৰিকা-তালিবান শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷

চুক্তি অনুসৰি, দুয়োপক্ষৰে বন্দী হৈ থকা লোকক মুক্তি প্ৰদান কৰাৰ যি চৰ্ত আছিল সেই চৰ্ত আংশিকভাৱে আৰু পলমকৈ সমাধান হোৱাৰ বাবে আমেৰিকা-তালিবান চুক্তিয়ে বহু সমস্যাৰ সন্মুখীন হ'বলগা হৈছিল ৷ আনহাতে, 10 মাৰ্চত আৰম্ভ হ'বলগা intra-Afghan আলোচনাও বৰ্তমানলৈকে স্থগিত হৈ আছে ৷ তালিবানৰ এই দাবীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আফগানিস্তানস্থিত আমেৰিকাৰ শীৰ্ষ বিষয়া জেন স্কট মিলাৰে দেওবাৰে কয় যে, প্ৰতিটো পক্ষ, বিশেষকৈ তালিবানসকলে এই ৰাজনৈতিক প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা হ'বৰ বাবে হিংসাত্মক কাণ্ড বন্ধ কৰিব লাগিব ৷ মিলাৰৰ মুখপাত্ৰ কৰ্নেল ছোনী লেগেটে কয় যে, ৱাশ্বিংটনে তালিবানৰ সৈতে চুক্তি কৰিবলৈ সদায়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰোপৰি, এই চুক্তিৰ চৰ্ত অনুসৰি, আফগান প্ৰতিৰক্ষা বাহিনীক সমৰ্থন আৰু ৰক্ষণাবেক্ষণ আগবঢ়াই আহিব আমেৰিকাই ৷এই তথ্য অনুসৰি, তালিবানসকলে one-week reduction in violence (RIV) অনুসৰণ কৰি 22 ফেব্ৰুৱাৰীৰ পৰা প্ৰায় 2,162 টাকৈ আক্ৰমণ সংঘটিত কৰিছিল আৰু ইয়াৰ পাচতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল ৷ এই RIV period ৰ পাচত আফগান আৰু NATO সেনাই 425 টা আক্ৰমণ সংঘটিত কৰিছিল ৷

ইয়াৰোপৰি, মুক্তি দিয়া 361 জনৰ কিছুসংখ্যকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তালিবানে তেওঁলোকক 'অচিনাক্ত' বুলি দাবী কৰিছিল ৷ আফগান চৰকাৰেই কৈছিল যে,তালিবানে মুক্তি দিয়া 60 জন বন্দীৰ 17 জনহে আফগান সৈন্যৰ লোক ৷ উল্লেখ্য যে,এই শান্তি চুক্তি অনুসৰি,দুয়ো পক্ষই আফগানস্থিত মিলিটাৰী চাউনীসমূহত আক্ৰমণ কৰিব নোৱাৰিব আৰু তালিবানে অন্য কোনো সন্ত্ৰাসবাদী দলক তেওঁলোকৰ সহযোগত সেই এলেকাসমূহৰ পৰা কোনাধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিবলৈ সন্মতি প্ৰদান নকৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.